অসম

বগৰিবাৰী আৰক্ষী থানাত মতবিনিময় অনুষ্ঠান

প্ৰথম খবৰ- বগৰিবাৰী ২৭ মাৰ্চ :- যোৱা কালি দুপৰীয়া ১২ বজাত বগৰিবাৰী আৰক্ষী থানা প্ৰাঙ্গণত স্থানীয় সচেতন নাগৰিক ,বৌদ্বিক মহল, আৰু বিভিন্ন দলসংগঠনৰ মাজত মতবিনিময়ী সভা অনুষ্ঠিত হয় ।উক্ত সভাত পৰ্বতঝোৰা কাজিগাও মহকুমা আৰক্ষী বিষয়া, আৰক্ষী চক্ৰবিষয়া, বগৰিবাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া, আগন্ত্তক লোকসভা নিৰ্বাচন, আৰু বিভিন্ন দিশে পৰ্যালোচনাৰে মতবিনিময় কৰে । অনষ্ঠানত চিনাকী পৰ্বৰ অন্তত শংকৰজান আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পিচি সুত্ৰধৰ, মহামায়া সমবায় সমিতিৰ সভাপতি, নুৰজামাল সেখ, বগৰিবাৰী প্ৰেছ ক্লাবৰ সভাপতি গুলজাৰ হুছাইনে যুক্তিযুক্ত ভাষণ প্ৰদান কৰে ।অনুষ্ঠান পৰ্বতঝোৰা আৰক্ষীয়ে আগন্ত্তক লোকসভা নিৰ্বাচন, আৰু বিভিন্ন ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগীতা কামনা কৰে । 26/3/19 ইং ।

Related Articles

Leave a Reply

Close