অসমৰাজ্যৰ খবৰ

বাইচিংকিয়া: সাতোৰঙী ৰামধেনু ৰঙৰ সমাহাৰ দুধনৈত

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী ,১০ মাৰ্চ: দুধনৈৰ “বাইচিংকিয়া (ৰামধেনু) সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত আৰু অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অনুন্নত শ্ৰেণীৰ কল্যাণ বিভাগৰ সঞ্চালকৰ সৌজন্যত যোৱা ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ জনমন্দিৰ সাংস্কৃতিক ভৱন প্ৰাঙ্গণত চলি থকা তিনিদিনীয়া জনজাতীয় লোক নৃত্যৰ কৰ্মশালাৰ সামৰণি পৰে। অসমৰ বিভিন্ন জনজাতীয় লোকগীত, কৃষ্টি সংস্কৃতিক প্ৰচাৰ,প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্য লৈ ২০০৭ চনতে দুধনৈৰ বকুত গঢ় লৈ উঠিছিল বাইচিংকিয়া সাংস্কৃতিক গোষ্ঠী। ৰাভা ভাষাৰ শব্দ “বাইচিংকিয়া” মানে হ’ল সাতোৰঙী ৰামধেনু। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰ প্ৰাপ্ত উপসঞ্চালক সাস্কৃতিবান ব্যক্তি মুকুল ৰাভাই বিগত ১২টা বছৰে এই অনুষ্ঠানটোৰ গুৰি ধৰাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাতোৰঙী কৃষ্টি সংস্কৃতি, গীত মাতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে প্ৰয়াস চলাই আহিছে। ৰাভা, তিৱা, কাৰবি, হাজং আৰু বিহুনৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে দুধনৈ প্ৰেছ ক্লাবৰ সভাপতি প্ৰতিদিন নিউজ চেনেলৰ সাংবাদিক স্বপন কুমাৰ ৰাভাই। বাইচিংকিয়া সাংস্কৃতিক গোষ্ঠীৰ এনে প্ৰচেষ্টাই বিভিন্ন জনগোষ্ঠী সমুহৰ মাজত সমন্বয়ৰ সেঁতু গঢি তুলিব বুলি কয় সাংবাদিক ৰাভাই। বাইচিংকিয়া সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মুকুল ৰাভাই আঁত ধৰা অনুষ্ঠানটোত কৰ্মশালাৰ কেইদিনত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে তিৱা গীত, দশাৱতাৰ নৃত্য, তিৱা জনগোষ্ঠীৰ “বৰত” নৃত্য, বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। প্ৰশিক্ষাৰ্থী সকলেও এই কৰ্মশালাৰ পৰা উপকৃত হোৱা বুলি জানিবলৈ দিয়ে। ইতিমধ্যে এই গোষ্ঠীটোৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত বহু যুৱক যুৱতীয়ে অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বহু ঠাইত অসমৰ জনজাতীয় চহকী লোক- সংস্কৃতি প্ৰদৰ্শন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। কৰ্মশালা খনিত কাৰবি আৰু তিৱা লোকনৃত্যৰ প্ৰশিক্ষক হিচাবে মৰিগাওঁৰ মানিক টেৰণ (মুখ্য প্ৰশিক্ষক) বশিষ্ঠ ইংতি,কনক ক্ৰ, মনোৰঞ্জন শইকীয়া (ঢোলবাদক), ৰুক্মিণী ইংতিপি, বিহু নৃত্যৰ বাবে জ্যোতি বিকাশ বৰা, নিভামনি বৰুৱা, ৰাভা নৃত্যৰ বাবে অৰুণ ৰাভা আৰু হাজং নৃত্যৰ বাবে ভৱেশ হাজংএ প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিছে। এই কৰ্মশালা খনিত দুধনৈৰ বাহিৰেও ৰংজুলি,কৃষ্ণাইৰ প্ৰয় ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে।কৰ্মশালা সামৰণি অনুষ্ঠানত দুধনৈ বিশিষ্ট অতিথি হিচাবে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি,জেষ্ঠ্য সাংবাদিক চিৰঞ্জীব চক্ৰৱৰ্তী, আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদক ভবেশ চন্দ্ৰ ভাগৱতী,বাইচিংকিয়া সাংস্কৃতিক গোষ্ঠীৰ সম্পাদিকা জাহ্নবী ৰাভা ব্ৰহ্ম, সাংবাদিকদ্বয় অৰূপ নাথ,আৰু জয়চন্দ্ৰ ৰাভা সমন্বিতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close