অসমশীৰ্ষ

বাণিজ্যৰ ‘ব’ নাই, ASSAMৰ S নাই, CMৰ খং

প্ৰথম খবৰ, ডিব্ৰুগড়: দেওবাৰে ডিব্ৰুগড়ত খং উঠিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ খঙতে ভাষণ প্ৰদানৰ মাজতে চৰকাৰী কাৰ্যালয়ৰ নামফলকৰ ভুল আঙুলিয়াই দি সুধিলে- ‘আপোনালোকৰ এইবোৰ চকুত নপৰে নেকি? কাৰ্যালয়টোৰ মূল ফলকখনেই ভুল৷ গতিকে, মনবোৰ কেনেকৈ ভাল হ’ব?’ ডিব্ৰুগড়ত জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ জিলা বিষয়াদৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰি খঙতে এনে কথা ভাষণতে ক’লে সোণোৱালে৷ উদ্যোগ বাণিজ্য বিভাগৰ কাৰ্যালয়ৰ নামফলকক এনে বিভ্ৰাট ভাষণতে কৈ দিয়াৰ পিছত মুখৰ হাত হৰিল বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ৷

Related Articles

Leave a Reply

Close