অসমশীৰ্ষ

বিজেপিৰ নেতাৰ মহিলা নিৰ্যাতনৰ অভিযোগ ডেবৰা মাৰাকৰ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ,নলবাৰী, ১৫ মাৰ্চ – নলবাৰী ৰাজীৱ ভৱনত আজি জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত এখন মতবিনিময় অনুষ্ঠান হৈ যায় । জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে আতঁ ধৰা অনুষ্ঠানত মেঘালয় প্ৰদেশৰ প্ৰাক্তন উপ মূখ্যমন্ত্ৰী ডেবৰা মাৰাক, কংগ্ৰেছ নেত্ৰী জয়শ্ৰী বেজবৰুৱা আৰু স্বৰ্ণালী চৌধুৰী সহ বহু সংখ্যক মহিলা উপস্থিত থাকে । অনুষ্ঠানত মেঘালয় প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডেবৰা মাৰাকে কয় যে – এইবাৰ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হব ভাৰতবৰ্ষত । বিজেপিৰ ফাঁকিবাজ ৰাইজে বুজি উঠিছে । নৰেন্দ্ৰ মোডী দেশৰ সাধাৰণ জনতাৰ কথা নুশুনে । মাত্ৰা পুঁজিপতি সকলৰ চিন্তা কৰে । বিগত দিনত বিমুদ্ৰাকৰণ, জি এছ টিৰ দ্বাৰাই সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে । এতিয়া ৰাইজে তাৰ প্ৰত্যুত্তৰ দিয়াৰ সময়। পাকিস্তান আক্ৰমণ নাটক হে । তাৰ কোনো বাস্তৱ ফলাফল নাই বুলি দোহাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মাৰাকে মহিলা সমাজক একত্ৰিত হৈ কংগ্ৰেছ দলৰ কাম কৰিবলৈ আহ্বান জনাই । ভাষন প্ৰসংগত তেওঁ কয় যে বিজেপিৰ দিনত মহিলা সকলে নিৰাপত্তাৰ বাবে আন্দোলন কৰিব লগা হৈছে । যত বিজেপি নেতাৰ দ্বাৰা দেশৰ লগতে অসমৰ মহিলা নিৰ্যাতিত হৈছে । মহিলা সবলীকৰণ আঁচনি বিজেপিৰ নিৰ্বাচনী ইছু হে । তাৰ পৰা মহিলা সকলৰ একো উপকাৰ নহয় বুলিও দোহাৰি পুনৰ কয় যে বহুত আত্মসহায়ক গোটে বিজেপিৰ চৰকাৰে ঘোষনা কৰা সাহাৰ্য্য আজিও পোৱা নাই ।

Related Articles

Leave a Reply

Close