অসমশীৰ্ষ

বিধি ভংগ- C-VIGIL আৰু SUBIDHA এপত অভিযোগ কৰিলেই উপস্থিত হ’ব ফ্লায়িং স্কোৱাৰ্ড

প্ৰথম খবৰ, বিহালী ১১ মাৰ্চঃ_ নিৰ্বাচন আয়োগে দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ জিলাতো নিৰ্বাচনী আৰ্হি আচৰণবিধি বলৱৎ হৈছে। উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পৱিত্ৰ ৰাম খাউণ্ডৰ আহ্বানত আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা সংবাদ মাধ্যমৰ সৈতে এক জৰুৰী বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত উপায়ুক্তগৰাকীৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় দিগন্ত বৈশ্য আৰু পাৰিজাত ভূঞা উপস্থিত থাকি ৰাজনৈতিক দলসমূহক আৰ্হি-আচৰণবিধি বলৱৎ হোৱাৰ বিষয়ে অৱগত কৰে আৰু এই আচৰণবিধি মানি চলিবলৈ সকলোকে আহ্বান জনায়। সকলো ৰাজনৈতিক দল, সম্ভাব্য প্ৰাৰ্থী আৰু অন্যান্যসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে আৰ্হি আচৰণবিধি আৰু ব্যয় নিৰীক্ষণ কোষে নিৰ্বাচন ঘোষণাৰ পাছৰপৰাই যুদ্ধকালীন তৎপৰতাৰে জিলাখনৰ বিভিন্ন স্থানত থকা চৰকাৰী আঁচনিৰ বিজ্ঞাপন তথা ৰাজনৈতিক নেতাৰ ফটোসম্বলিত হৰ্ডিং, বেনাৰ, পোষ্টাৰ আদি আঁতৰোৱাৰ বাবে ব্যাপক অভিযান অব্যাহত ৰাখিছে। বিশ্বনাথ জিলাত যাতে নিকা, সূশৃংখলভাৱে আগন্তুক লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আজিৰ বৈঠকথ সকলোৰে সহায়-সহযোগিতা কামনা কৰে। নিৰ্বাচন আয়োগে প্ৰৱৰ্তন কৰা নতুন মোবাইল এপ্ c-VIGIL আৰু SUBIDHA ব্যৱহাৰৰ ওপৰতো আজিৰ বৈঠকত এক পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন প্ৰদৰ্শন কৰা হয়। এই এপ্লিকেশ্যন দুটাৰ উপযোগিতা তথা ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত তথ্য-প্ৰযুক্তি কোষৰ বিষয়ববীয়াসকলে বিৱৰি কয়। উল্লেখযোগ্য যে c-VIGIL এপৰ জৰিয়তে যিকোনো সচেতন নাগৰিকে নিৰ্বাচনৰ আৰ্হি আচৰণ বিধি উলংঘাৰ যিকোনো অভিযোগ ঘটনাস্থলীৰ পৰাই দাখিল কৰিব পাৰিব আৰু তাক্ষণিকভাৱেই ফ্লায়িং স্কোৱাডৰ দল গৈ ঘটনাস্থলীত উপস্থিত হবগৈ। বৈঠকত বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনেও বক্তব্য প্ৰদান কৰে আৰু নিৰ্বাচনৰ সময়চোৱাত উদ্ভৱ হব পৰা যিকোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ ক্ষেত্ৰত ততালিকে আৰক্ষীৰ হেল্পলাইন নম্বৰ ৮১৩৫৮৩৭৬১৪-ত যোগাযোগ কৰিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ প্ৰেক্ষাগৃহত আয়োজিত এই বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় সাংবাদিকসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত তেজপুৰকে ধৰি উজনি অসমৰ পাঁচটা সমষ্টিত অহা ১১ এপ্ৰিল তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Close