অসম

বৰঙাজুলি চাহ বাগিচাত মৃতদেহ উদ্ধাৰ:উত্তেজনা বৰঙাজুলি

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:২০মাৰ্চ :- ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত বৰঙাজুলি চাহ বাগিচাৰ ১৮নং লাইনত আজি দিনদুপৰতে মৃতদেহ এটা উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ডিমাকুছিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷জানিব পৰা মতে বৰঙাজুলি মেকলায়ড ৰাছেল চাহ কোম্পানীৰ বাগিচাৰ চিকিৎসকৰ গৃহত কাম কৰি অহা ছহীদ আলী(৫৫) নামৰ লোকজনৰ মৃতদেহ আজি বাগিচাৰ ১৮নং লাইনত উদ্ধাৰ হয়৷ গৰুৰ বাবে ঘাঁহ কাটিব যাওতে বাগিচাৰ মাজত ছহীদ আলীৰ মৃতদেহ উদ্ধাৰ হোৱাত চাৰিওফালে হুৱাদুৱা লাগে৷ পিছত ঘটনাস্থলীত মৃতকৰ পৰিয়াল ঘটনাস্থলীত উপস্থিত হৈ এয়া চাহ কোম্পানীৰ গাড়ীৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰে৷ মুৰ আৰু হাতত আঘাতৰ চিহ্ন স্পষ্ট থকা লোকজনৰ
দুৰ্ঘটনাত মৃত্যু হোৱাৰ আশংকা কৰিছে স্থানীয় লোকেও৷পিছত ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰিবলৈ থানালৈ নিয়ে৷ আনহাতে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে মৃতকৰ পৰিয়ালে ৷

Related Articles

Leave a Reply

Close