অসম

বৰপেটাত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী*

বৰপেটা, ১৪ মাৰ্চ নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ১৯৯৬ ৰক্ষা কৰা , উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিয়ম অনুসৰি হিতাধিকাৰীসকলৰ প্ৰাপ্য ধন অতিশীঘ্ৰে আদায় দিয়াৰ লগতে ছয় দফীয়া দাবীৰ সমৰ্থনত আজি বৰপেটাত নিৰ্মাণ শ্ৰমিক ইউনিয়নে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বৰপেটা জিলাত কৰ্মৰত হৈ থকা প্ৰায় ছয় শতাধিক পঞ্জীয়নভূক্ত নিৰ্মাণ শ্ৰমিক ইউনিয়নে বৰপেটা জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই কাৰ্যসূচী অনুসৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছয় শতাধিক সদস্যই বৰপেটা পৌৰসভাৰ কাৰ্যালয়ত সমবেত হয় ৷ এই স্থানতে অনুষ্ঠিত চমু প্ৰতিবাদী সভাত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নেতা ক্ৰমে প্ৰবাল দাস, শৰৎ ৰয়, চান মামুদে ভাষণ প্ৰসংগত নিৰ্মাণ শ্ৰমিকসকলে সন্মুখীন হৈ অহা সমস্যাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পিছতে প্ৰতিবাদী সমদল উলিয়াই জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয় ঘেৰাও কৰে ৷ শেষত ৬ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ জিলা শ্ৰম বিষয়াৰ জৰিয়তে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিবলৈ প্ৰেৰণ কৰে ৷ নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দাবীসমূহ দুমাহৰ ভিতৰত মানি নললে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ৷

Related Articles

Leave a Reply

Close