অসম

বৰপেটাৰ বাটগাঁওত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, চেঙা,১৭ মাৰ্চ: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাটগাঁওত আজি সন্ধিয়া এক ভয়ংকৰ বাইক দুৰ্ঘটনাত এজন পথচাৰী থিতাতে নিহত হয় । নিহত লোকজন বাটগাঁওৰ বালাপাৰা নয়াপাৰাৰ মৃণাল তালুকদাৰ (40) বুলি জানিব পৰা গৈছে । বৰপেটা দিশৰ পৰা চেঙা অভিমুখী তীব্ৰ গতিত অহা পালচাৰ বাইকৰ খুন্দাত থিতাতে নিহত হয় পথচাৰী মৃণাল তালুকদাৰ। বাইক আৰোহী দুজন গুৰুতৰ ভাবে আহত হয়।আহত দুজন ক্ৰমে জাহাংগীৰ আলম(30) আৰু ইমদাদুল আলী। আহত লোক দুজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 15N- 6717. সম্প্ৰতি মৃণাল তালুকদাৰৰ মৃতদেহটো তাৰাবাৰী আৰক্ষীৰ থানাত ৰখা হৈছে।

Related Articles

Leave a Reply

Close