অসমশীৰ্ষ

ভানুৰ নামত মন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাৰ কুইজ

ধৃতৰাষ্ট্ৰ গগৈৰ পুত্ৰস্নেহ

প্ৰথম খবৰ, বালিপৰা :২৯ মাৰ্চ:
” তৰুণ গগৈ আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ, গগৈয়ে ইউ ডি এফৰে গোপন মিতিৰালি কৰিছে ” এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য, গড়কাপ্তানী মন্ত্ৰী
ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।” বিজেপি দল পাণ্ডৱ, কংগ্ৰেছ হ’ল কৌৰৱ । পাণ্ডৱৰ হাতত কৌৰৱৰ পৰাজয় এইবাৰ নিশ্চিত । ৰঙাপৰা সমষ্টিৰ ৰাইজে তেজপুৰৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱলোচন দাসক ৫০ হাজাৰ ভোটত জয়ী কৰিব । গোৰ্খা জনগোষ্ঠীৰ লোকসকল বিজেপিৰ লগত আছে । মই অথবা সৰ্বানন্দই বিজেপি নকৰিলেও গোৰ্খাসকলে বিজেপিয়েই কৰিব যাব, ইয়াৰ বিপৰীত মন্তব্যবোৰ কেৱল অপপ্ৰচাৰহে । এইবাৰ প্ৰত্যেকটো নেপালী জনগোষ্ঠী এলেকাৰ পুলিং বুথ বিজেপিয়ে ৯০ শতাংশৰ ওপৰত ভোট পাব ।

নৰেন্দ্ৰ মোদী ভাৰতৰ সূৰ্য ।অসমৰ পৰা কংগ্ৰেছৰ সাংসদ হোৱা মনমোহন সিঙে কোনোদিন অসমীয়া গামোছাখন ডিঙিত নল’লে । ভূপেন হাজৰিকা দেশৰ সম্পদ । মনমোহন সিঙে ভূপেন হাজৰিকাক চিনিয়েই নাপালে । আগতে কংগ্ৰেছৰ
ভাৰতত ভাৰতৰত্ন পাবলৈ হ’লে গান্ধী পৰিয়ালৰ হ’ব লাগিছিল । তেজপুৰ লোকসভা সমষ্টিত বিজেপিৰ পল্লৱলোচন দাস দুই লাখ ভোটত বিজয়ী হোৱাটো নিশ্চিত । কংগ্ৰেছৰ মাজত যোগ্য প্ৰাৰ্থীৰ অভাৱ , সেয়া ভানুৰ দৰে বাহিৰৰ লোককো প্ৰাৰ্থীত্ব দিছে । ভানুৰ সলনি তেজপুৰত কংগ্ৰেছৰ ভীমানন্দ তাঁতিকেই ভোট দি কঁপাল পৰীক্ষা কৰিব পাৰিলেহেঁতেন বুলি কটাক্ষ কৰে । তেজপুৰত পদুম ফুলাতো নিশ্চিত । মোদীয়ে ভাৰতক নতুনকৈ গঢ় দিব খুজিছে । আনহাতে, প্ৰথম পৰ্যায়ত নিৰ্বাচনত বিজেপিয়ে পাঁচখন আসনৰ চাৰিখন পাব বুলি দৃঢ়বিশ্বাসী যদিও কলিয়াবৰত সন্দেহযুক্ত নাগৰিকে বিজেপিক ভোট নিদিয়ে , গতিকে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত ” – এই ভাষ্য ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । আজি শোণিতপুৰৰ বালিপৰাৰ এক সভাত উপস্থিত থাকি শৰ্মাই এই মন্তব্য আগবঢ়াইছে
আনহাতে, অনুষ্ঠানত ভাষণৰ মাজতে বিশ্ব শৰ্মাই তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ নামটো ৰাইজে জনা-নজনাক লৈ জ্ঞান পৰীক্ষাৰ বাবে এক কুইজো অনুষ্ঠিত কৰে ।
বালিপৰা আঞ্চলিক পঞ্চায়তৰ সদস্য ধ্ৰুৱ কুৰ্মীয়ে আঁত ধৰা অনুষ্ঠানটোত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই , তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল, বিজেপি নেতা জিতু কিষাণ আদি কৰি ভালেমান নেতা-কৰ্মী, বুথ কমিটি, মহিলা-মৰ্চা, চাহ মৰ্চা, যুৱ মৰ্চাৰ বিষয়ববীয়াৰ লগতে ভালেমান ৰাইজ উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close