অসমশীৰ্ষ

মধ্যাহ্ণ ভোজন আঁচনি এন জি অক দিয়াৰ বিৰুদ্ধে নলবাৰীত শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী ,১৫ মাৰ্চ – মধ্যাহ্ন ভোজন আঁচনি খন এন জি অক দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় । ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ জিলা বিষয়ববীয়া চম্পা বেগম, জোনালী বৰ্মন, অঞ্জু ঠাকুৰীয়া, ৰবীন শৰ্মা আৰু চি আই টি ইউৰ নেতা নৃপেন কলিতাই ভাষন ৰাখি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰৰ সিদ্ধান্তক ধিক্কাৰ দিয়ে । ইফালে সংগঠনটোৰ নেতা সকলে কয় যে কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট নীতি নিৰ্দেশনা আছে মধ্যাহ্ন ভোজন আঁচনি কোনো এনে জি অ ক দিব নোৱাৰিব যদিহে স্কুল চৌহদত বনোৱা ঠাই থাকে । কিন্তু এনে নিয়ম উলংঘা কৰি ৰাজ্য চৰকাৰে এন জি অ ক দিবলৈ তৎপৰ হোৱা কাৰ্য গৰিহণা যোগ্য বুলিও মত প্ৰকাশ কৰে । তিনি শতাধিকৰো অধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে ৰাজ্য চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল হায় হায়, মধ্যাহ্ন ভোজন আঁচনি এন জি অক দিয়া নচলিব,পুঁজিপতিৰ দল বিজেপি হায় হায় আদি শ্লোগানেৰে ধৰ্ণা কাৰ্যসূচী উত্তাল কৰি তোলে ।

Related Articles

Leave a Reply

Close