অসমমহিলাশীৰ্ষ

মন পখিলা- এক অনন্য প্ৰয়াস

প্ৰথম খবৰ, গুৱাহাটী:
কিশ্মা ভেন্চাৰৰ নিবেদন “মন পখিলা “- এক অনন্য প্ৰয়াস। এই মন পখিলাৰে দ্বিতিয়লানি অ’ডিশ্বন সফলভাবে হৈ যায় 16 মাৰ্চত গুৱাহাটীৰ এ বি চিত স্থিত NXT Gym ত। ‘মন পখিলা’ৰ প্ৰথমটো অ’ডিশ্বনো যোৱা 18 ফেব্ৰুৱাৰীত এই NXT Gymতে অনুষ্ঠিত হৈছিল৷
মহিলাৰ অপ্ৰকাশ্য প্ৰতিভাৰ বিকাশৰ বাবে এক অনন্য প্ৰচেষ্টাৰ অংশ হিচাপে কিশ্মা ভেন্চাৰৰ এক অগতানুগতিক প্ৰয়াস মন পখিলা। নাৰীৰ সুপ্ত প্ৰতিভা বিকাশ আৰু মঞ্চ দিয়াৰ লক্ষ্যৰে অডিশ্বনৰ জৰিয়তে নিৰ্বাচিত একাংশ নাৰীক অহা 4 আৰু 5 মেত অনুষ্ঠিত হব লগীয়া ” মন পখিলা”ৰ মঞ্চৰ জৰিয়তে চিনাকী কৰাই দিয়া হব। দুয়োটা অ’ডিশ্বনত আমাৰ মহিলা সমাজৰ বিপুল সহাৰি পাই উদ্যোক্তাসকল নথৈ আনন্দিত হৈ পৰিছে । এই দুদিনীয়া অনুস্থানত অংশগ্ৰহন কৰিবলৈ মহিলাৰ নিম্নতম বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে 18 বছৰ। উচ্চতম বয়সৰ কোনো সীমা নাই । যি সকল মহিলাই “মন পখিলা”ৰ প্ৰথম আৰু দ্বিতীয় দুয়োটা অ’ডিশ্বনতে অংশগ্ৰহন কৰিব নোৱাৰিলে, তেওঁলোকৰ পৰা “মন পখিলা”ৰ উদ্যোগক্তাই তৃতীয়টো অ’ডিশ্বনৰ আয়োজনৰ বাবে মতামত বিছাৰিছে। অহা 25 মাৰ্চৰ ভিতৰত যোগাযোগ কৰি তৃতীয়টো অ’ডিশ্বনৰ বাবে ইচ্ছুক মহিলাক 9416696333 নম্বৰত যোগাযোগ কৰি জনাবলৈ উদ্যোক্তাই আহ্বান জনাইছে । যিকোনো প্ৰতিভা – নৃত্য, গীত, অভিনয়, বাদ্য বাদক বা লেখিকা – এই সকলোৱেই অংশগ্ৰহণ কৰিব পাৰে মন পখিলা শীৰ্ষক এই প্ৰয়াসত৷

Related Articles

Leave a Reply

Close