অসমআন্তঃৰাষ্ট্ৰীয়শীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মাছুদ আজাহাৰ মৰিল নেকি? বিতং কাহিনী ইয়াত পঢ়ক

প্ৰথম খবৰ ব্যুৰ’
মাছুদ আজহাৰ মৰিল নেকি? অন্য ঠাই বাদেই৷ অসমতো এতিয়া ফেচবুকত খুবেই চৰ্চিত প্ৰশ্ন এইটো৷ বহুতেই প্ৰত্যাশা কৰিছে- জেছ ঈ মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ মৰাটো সত্য হওঁক৷ কিন্তু মাছুদ আজহাৰৰ মৃত্যুৰ বাতৰি কিয় এই পৰ্যন্ত আনুষ্ঠানিক কৰা নাই পাকিস্তানে৷ জেছ ঈ মহম্মদৰ উদ্ধৃতি দি টাইমচনিউজডটকমত প্ৰকাশিত বাতৰি মতে মাছুদ আজহাৰৰ মৃত্যু হোৱা নাই৷ মাত্ৰ দুদিন পূৰ্বে দুয়োটা কিডনী বিকল হোৱা বুলি খবৰ ওলোৱা মাছুদ এতিয়া পাকিস্তানৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে৷ আনপিনে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে দাবী কৰিছে যে, মাছুদ গুৰুতৰভাৱে অসুস্থ৷ কিন্তু ছ’চিয়েল মিডিয়াই মাছুদ ইতিমধ্যে মৃত ঘোষণা কৰিলেও পাকিস্তানী সংবাদ মাধ্যমে এই বাতৰি যুগুত কৰা পৰ্যন্ত মাছুদৰ মৃত্যুৰ বাতৰি দিয়া নাই৷ উল্লেখ্য যে, কাণ্ডাহাৰ বিমান অপহৰণৰ গইনা লৈ দেশৰ জে’লৰ পৰা মুক্ত হোৱা মাছুদেই 14 ফেব্ৰুৱাৰীত পুলৱমাত সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল৷ আনপিনে, বালাকোটত এই ঘটনাৰ পিছতে ভাৰতীয় বায়ুসেনাই চলোৱা আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছিল৷ ইপিনে টুইটাৰত হেছটেগ মাছুদআজহাৰডেড ট্ৰেণ্ড আৰম্ভ হৈছে৷ লক্ষণীয়ভাৱে, মাছুদৰ মৃত্যু কোনো আনুষ্ঠানিক নহ’লেও বালাকোটত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণ স্বীকাৰ কৰিছে মাছুদৰ ভাতৃ মৌলানা ওমৰে৷ আনকি, উইং কামাণ্ডাৰ অভিনন্দনক মুকলি কৰি দিয়া বাবে ইমৰাণ খানক সমালোচনা কৰিছে ওমৰে এক অডিঅ’ বাৰ্তাত৷ ফটো সৌজন্যত ইউটিউব, TOI

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close