অসম

লোকসভা নিৰ্বাচনক লৈ তৎপৰতা

নলবাৰীত বিজেপিৰ যুৱ মৰ্চাৰ সভা*

প্ৰাঞ্জল শৰ্মা , প্ৰথম খবৰ নলবাৰী, ১৪ মাৰ্চ – নলবাৰী জিলা কাৰ্যালয়ত আজি বিজেপিৰ পূৱ নলবাৰী মণ্ডল যুৱ মৰ্চাৰ এখন সভা অনুষ্ঠিত হয় । মণ্ডল যুৱ মৰ্চাৰ সভাপতি পৰাগ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি যুগান্ত দাস,জিলা সভাপতি পংকজ ডেকা,সম্পাদক ৰিদিপ দত্ত, মণ্ডলৰ সাধাৰণ সম্পাদক অঞ্জন জ্যৌতি শৰ্মা, সম্পাদক অৰুপ কলিতা, হীৰক জ্যোতি দাস, আই টি চেলৰ আহ্বায়ক নিহাৰ কলিতা সহ মণ্ডল যুৱ মৰ্চাৰ বহু সংখ্যক কৰ্মী উপস্থিত থাকে । সভাত যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি যুগান্ত দাসে মৰ্চাৰ কৰ্মী সকলক আগন্তুক লোকসভা নিৰ্বাচনলৈ সাজু হোৱাৰ আহ্বান জনাই কয় যে ভাৰতবৰ্ষত পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ হব । ইতিমধ্যে দেশৰ ৰাইজে কংগ্ৰেছ সহ তেঁওলোকৰ সহযোগী দলৰ চৰিত্ৰ উপলব্ধি কৰিছে । গতিকে কংগ্ৰেছ মহাজোট বন্ধনৰ দৰে ভ্ৰষ্টাচাৰী দলক ভোট নিদিয়ে । আমাৰ সতীৰ্থ সকলে যুৱ চামৰ মাজত কংগ্ৰেছৰ দূৰ্নীতি -অনিয়মৰ বিষয়ে বুজাই দিয়ক। তদুপৰি অসমত ইতিমধ্যে বিজেপি আৰু আঞ্চলিক দলৰ অগপৰ সৈতে মিত্ৰতা হৈছে । এই মিত্ৰতাৰ ফলত আগন্তুক নিৰ্বাচনত কংগ্ৰেছ অসমত নিঃচিহ্ন হব বুলি দোহাৰে ৰাজ্যিক যুৱ মৰ্চাৰ উপ সভাপতি দাসে ।

Related Articles

Leave a Reply

Close