অসম

লোকসভা নিৰ্বাচনত ই ভি এম,ভি ভি পেট মেচিনৰ ব্যৱহাৰ সম্পৰ্কে দৰঙত সজাগতা সভা

দলগাঁওৰ পৰা ৰফিক তালুকদাৰৰ প্ৰতিবেদন,প্ৰথম খবৰ ১৪ মাৰ্চ: ,আগন্তক লোকসভা নিৰ্বাচনত ভোটাৰ সকলে যাতে কোনো ব্যাঘাত নোহোৱাকৈ ভোটদান সাব্যস্ত কৰিব পাৰে,তাৰবাবে পুৰ্ণ প্ৰস্তুতি চলাইছে দৰং জিলা প্ৰশাসনে৷বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সভাকক্ষত ভোটাৰৰ সজাগতা সম্পৰ্কত অনুষ্ঠিত কৰা হয় এক সভা৷নৱ নিযুক্ত অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত SVEEP কোষত জড়িত সকলো বিষয়া-বিষয়া কৰ্মচাৰীৰ পৰা তেওঁ কাম কাজৰ অগ্ৰগতিৰ বুজ লয় আৰু এই সংক্ৰান্তত যাৱতীয় কৰ্মসূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ইতিমধ্যে জিলাখনৰ সকলো লোকৰ মাজত ই ভি এম,ভি ভি পেট মেচিনৰ ব্যৱহাৰ আৰু তাৰ কাৰ্যকাৰিতাৰ সম্পৰ্কে সজাগতা অনাৰ বাবে ২৪ টা গোট গঠন কৰা হৈছে আৰু প্ৰতিটো সমষ্টি
তে ভাগে ভাগে গৈ সজাগতাৰ সৃষ্টি কৰিছে ৷ইয়াৰ লগতে বিশেষ ভাৱে সক্ষম লোকসকলৰ মাজতো অনুষ্ঠিত কৰা হৈছে কেবাঠাইতো সজাগতা সভা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close