অসম

লোকসভা নিৰ্ব্বাচনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ আগতীয়া প্ৰস্তুতি ঃ প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী যোৱানক প্ৰমান পত্র দাখিল কৰি কতব্যত যোগদানৰ আহ্বান

প্ৰথম খবৰ শিৱসাগৰ ২০ মাৰ্চ : লোকসভা নিৰ্বাচনত শিৱসাগৰ জিলাখনত নিৰাপত্তাকে ধৰি বিভিন্ন কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ সমুহ প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী স্বেচ্চাসেৱক সকলক গৃহৰক্ষী প্ৰমাণ পত্র সমুহ শিৱসাগৰ জিলা নগৰীয়া গৃহৰক্ষী কাৰ্য্যালয়ত জমা দিবলৈ আহ্বান জনাই | কৰ্তব্যত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক স্বেচাচাসেৱক সকলক অহা এপ্ৰিল মাহৰ ৮ তাৰিখৰ ভিতৰত পোৱাকৈ শিৱসাগৰ নগৰীয়া গৃহৰক্ষী কাৰ্য্যালয়ত প্ৰমান পত্র জমা দিব পাৰিব বুলি জিলা সমেদেষ্টা তৰুন বড়াই বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে | শিৱসাগৰ জিলা প্ৰশাসনে ইতিমধ্যে আগন্তুক লোকসভা নিৰ্ব্বাচন সুকলমে অনুষ্ঠিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি সকলো দিশত আগতীয়া প্ৰস্তুতিৰে আগবঢ়াৰ পৰিলক্ষিত হৈছে | প্ৰতিটো বিভাগকে ইতিমধ্যে নিজ নিজ কাম – কাজত কোনো ধৰনৰ আসুৱাহ নৰখাকৈ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ প্ৰদান কৰিছে |

Related Articles

Leave a Reply

Close