অসম

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বয়োজ্যেষ্ঠ সত্ৰীয়া শিল্পী জগন্নাথ বায়ন গুৰুতৰ ভাবে অসুস্হ

বৰপেটা মেডিকেল কলেজত ভৰ্তি

বৰপেটা, ১৮ মাৰ্চঃ বৰপেটা সত্ৰৰ বয়োজ্যেষ্ঠ বায়ন, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, সত্ৰভূষণ জগন্নাথ বায়ন গুৰুতৰ ভাবে অসুস্থ৷ ৰবিবাৰে সন্ধিয়া শ্বাস প্ৰশ্বাসত কষ্ট পোৱাত শিল্পী গৰাকীক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়৷ শিল্পী গৰাকীক ততাতৈয়াকৈ কৃত্ৰিম শ্বাস প্ৰশ্বাস দিব লগা হয়৷ ৯৫ বয়সীয়া শিল্পী গৰাকীয়ে বিগত মাহত দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা সংগীত নাটক অকাডেমী বঁটা গ্ৰহণ কৰিছিল৷

Related Articles

Leave a Reply

Close