অসমশীৰ্ষৰাজ্যৰ খবৰ

সদিচ্ছা থাকিলে সকলো সম্ভৱ, ছহিদ মনেশ্বৰৰ ক্ষেত্ৰত কৰি দেখুৱালে চৰকাৰে

প্ৰথম খবৰ ব্যুৰ’
ছহিদ মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰস্থিত বাসগৃহত আদ্যশ্ৰাদ্ধৰ দিনটোতো শোকাৱহ পৰিৱেশ৷ আদ্যশ্ৰাদ্ধ বুলিয়ে বাসগৃহত উপস্থিত হ’ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী‍‍৷ মহিলাৰীয়ে ছহিদ মনেশ্বৰৰ পৰিয়ালৰ হাতত তুলি দিলে পাঁচ লাখ টকাৰ চেক৷ ঘোষণা কৰিলে কোকৰাঝাৰত স্থাপন হ’ব পুলৱমা কাণ্ডৰ ছহিদ মনেশ্বৰৰ আৱক্ষমূৰ্তি৷ আনপিনে, গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ পথছোৱা নামাকৰণ হ’ব ছহিদ মনেশ্বৰ বসুমতাৰীৰ নামেৰে৷ আদ্যশ্ৰাদ্ধৰ দিনটোৰে আন এক ভাল খবৰ- দুদিনৰ ভিতৰতে পৰ্যটন বিভাগত সংস্থাপন পাব ছহিদ মনেশ্বৰৰ পৰিয়ালৰ এজন সদস্যই৷ অৰ্থাৎ ছহিদ মনেশ্বৰৰ ক্ষেত্ৰত চৰকাৰে যিখিনি কৰণীয় আন্তৰিকতাৰে আৰু ক্ষিপ্ৰতাৰে কৰিছে৷ পৰৱৰ্তী সময়ত সকলো কামতে এনে ক্ষিপ্ৰতা প্ৰদৰ্শন কৰিলে চৰকাৰখনে আস্থা আৰু বিশ্বাস অটুত ৰাখিব পাৰিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close