অসমশীৰ্ষ

সাংবাদিক আক্ৰমণক গৰিহণা: বিধায়ক সিংহলৰ বিৰুদ্ধে তদন্তৰ দাবী

বিপদমুক্ত সাংবাদিক পৰাশৰ

গুৱাহাটী: সাংবাদিক চক্ৰপাণি পৰাশৰক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰ প্ৰায়বোৰ সাংবাদিক সংগঠনে৷ অসম যুৱ সাংবাদিক সন্থা, সাংবাদিক সতীৰ্থ অসম, ইলেকট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এছ’চিয়েশ্যনকে ধৰি প্ৰায় সকলেও দোষীৰ শাস্তিৰ দাবী উত্থাপন কৰি চিকিৎসাধীন সাংবাদিকজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছে৷ ইপিনে, সাংবাদিক পৰাগমণি আদিত্যই নিজৰ ফেচবুক ৱালত লিখিছে ‘ প্ৰটেকৰ স্বত্বাধিকাৰী তথা বিধায়ক আশোক সিংঘালে গণেশগুৰিত কিছু অপৰাধী আৰু গুণ্ডা প্ৰকৃতিৰ লোকক ভাড়া দি বিপদ নমাইছে। মই কথাটো আগতেই কৈছিলোঁ।

আজি ভাতৃ চক্ৰপাণিৰ ওপৰত যি আক্ৰমণ হ’ল; সেয়া প্ৰাণঘাটী আক্ৰমণ আৰু অধিক জনধন হানি হোৱাৰ দৰে ঘটনা ঘটাৰ পৰা কথমপি ৰক্ষা পৰিল।
সিংঘলে নতুন ভাড়াতীয়াৰ তথ্য বাধ্যতামূলকভাবে দিবলগীয়া দিছপুৰ থানাক দিছিল নে নাই?

চতুৰ্থ মহলাৰ অপৰাধী সদৃশৰ ভাড়াতীয়াৰ সৈতে মোৰ অভিজ্ঞতা সুখকৰ নাছিল। সিংঘলৰ নিজৰ মানুহ বুলি সদায়েই সাৰি যাৱ নোৱাৰে। একাংশ অনা অসমীয়া বণিয়াই, মই নাভাবিলেও; অসমীয়া সমাজৰ সৈতে বান্ধ খোৱাৰ বাবে অনুপযুক্ত বুলি তেওঁলোকেই প্ৰমাণ দি আহিছে।

ভাতৃ চক্ৰপাণিৰ দ্ৰুত আৰোগ্য কামনা কৰিলো।

অপৰাধীৰ কঠোৰ শাস্তি বিচাৰিলো।

সিংঘলে থানাত ভাড়াতীয়াৰ নথিপত্ৰ দিছিল নে নাই তাৰ তদন্ত বিচাৰিলো।

পৌৰ নিগমে সিংঘলক কি ব্যবসায়ৰ অনুমতি দিছে আৰু তেওঁ বিধায়কৰ প্ৰভাৱ খটুৱাই কি ব্যবসায় অবৈধ ভাবে চলাইছে তাৰো তদন্ত হওঁক।’ আনকি, এই ঘটনাৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্যমন্ত্ৰী সোণোৱাললৈ দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী তুলিছে৷ আনহাতে, জিএনআৰচিত চিকিৎসাধীন সাংবাদিক চক্ৰপাণি বিপদমুক্ত যদিও সম্পূৰ্ণ আৰোগ্য লাভৰ বাবে সময়ৰ প্ৰয়োজন হ’ব বুলি চিকিৎসালয় সূত্ৰই জনাইছে৷

Related Articles

Leave a Reply

Close