অসমশীৰ্ষ

সাংসদ হৈ দিল্লীলৈ পলাই যাব বিচাৰিছে হিমন্তই-ৰকিবুল

শোণিতপুৰত কংগ্ৰেছৰ প্ৰচাৰ আৰম্ভ

প্ৰথম খবৰ,বালিপৰা:৪ মাৰ্চ
” ২০২১ হিমন্ত যে হাৰিব সেয়া তেওঁ জানে, সেয়ে এতিয়াই সাংসদ হৈ দিল্লীলৈ পলাই যাব বিচাৰিছে কিন্তু ৰাইজে সকলো বুজি পাইছে ,আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ যতে নেখেলক কিয় ৰাইজে যোগ্যপ্ৰত্যুত্তৰ দিব । ২০২১ ত নিৰ্বাচন খেলিলে যে হৰাটো নিশ্চিত সেয়াও অনুভৱ কৰি হিমন্তই এইবাৰ সাংসদ হৈ দিল্লীলৈ পলোৱাৰ চেষ্টা কৰিছে । হিমন্তক সকলো কুকৰ্মৰ আমি পাতনি মেলিম , তেওঁৰ কৰ্মকাণ্ডৰ কথা ৰাইজেও বুজিছে | এইবাৰ নিৰ্বাচনত ৰাইজে সেয়ে এসেকা দিবই । হিমন্তক তৰুণ গগৈয়ে ৰাজনীতি আনিলে , মন্ত্ৰী বনালে তথাপি তেওঁৰ তৰুণ গগৈৰ বিৰুদ্ধে বেয়াকৈ ক’বলৈ লাজ নকৰে । তৰুণ গগৈৰ আঙুলিত ধৰা বাবেহে তোমাক ৰাইজে চিনি পালে । লাজ নোহোৱা হিমন্তই কালিলৈকে কংগ্ৰেছত থাকি আজি বিজেপিত আহি কংগ্ৰেছৰ বেয়া গুণ গায় । হিমন্তই ভাবিছে বালিত তেওঁ মূৰতো সোমাইছা গাতো কোনেও দেখা নাই , সেয়া ভুল ধাৰণা ।
” — এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ । আজি
শোণিতপুৰৰ বালিপৰাত জিলা কংগ্ৰেছৰ উদ্যোগত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেন্দ্ৰীয় সভাপতি ৰিপুন বৰাই এনেদৰে কয় হিমন্ত বিশ্ব শৰ্মা অসমৰ বদন । শোণিতপুৰৰ ৰাইজে তেওঁক ভালকৈ এসেকা দিব । ২০২১ ত হিমন্তই কোনো কাৰণতে নিৰ্বাচনত জয়ী হ’ব নোৱাৰে সেয়ে সাংসদ হোৱাৰ মন মেলিছে বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় ৰাইজে তেওঁৰ সকলো কুকৰ্মৰ হিচাপ ল’ব নিৰ্বাচনত ।
ৰাইজৰ বাবে কংগ্ৰেছে সকলো সৎ কাম কৰিবলৈ সাজু আছে বুলিও সভাপতিগৰাকীয়ে মন্তব্য কৰে । উক্ত সভাখনিত ৰঙাপৰা সমস্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতী,
টঙ্ক বাহাদুৰ ৰায় ,অভিজিৎ হাজৰিকা,সাংসদ শান্তিয়াছ কুজুৰ, এম জি কে ভানুৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থিত্ব বিচৰা প্ৰাৰ্থীত্বপ্ৰত্যাশী, কেইবাজনো জ্যেষ্ঠ নেতা, জিলা কংগ্ৰেছৰ বিষয়ববীয়া, ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close