অসম

সুদক্ষ আৰক্ষী বিষয়া ৰূপম হাজৰিকাক সম্বৰ্ধনা*

বিৰিণা গোষ্ঠীৰ লগতে বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা

প্ৰথম খবৰ, চেঙা, 14 মাৰ্চ :* এগৰাকী সুদক্ষ আৰক্ষী বিষয়াক বিদায় সম্বৰ্ধনা জনাই আবেগিক হৈ পৰিল শ শ ৰাইজ । কালি বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা অনুভৱী কবি ৰূপম হাজৰিকাৰ বদলি হোৱাত সৰ্থেবাৰী আৰক্ষী থানাৰ পৰা আনুষ্ঠানিক ভাৱে বিদায় দিয়া হয় ।2015 চনৰ 6 মাৰ্চত সৰ্থেবাৰী আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰি বিগত প্ৰায় চাৰি বছৰে নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালনেৰে সমগ্ৰ সৰ্থেবাৰী অঞ্চলতে জনপ্ৰিয় হৈ পৰা সকলোৰে প্ৰিয় আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ লগতে উপ- পৰিদৰ্শক সঞ্জয় আনন্দ মুছাহাৰীকো আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় । শান্তি সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সৰ্থেবাৰী আৰক্ষী থানাৰ কৰ্মচাৰী , কৃষ্ণগুৰু সেৱাশ্ৰম , গাঁওৰক্ষী বাহিনী, সৰ্থেবাৰী পৌৰ সভা , সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ, মধ্য সৰুক্ষেত্ৰী মণ্ডল কংগ্ৰেছ,  সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ লগতে বিজেপিৰ যুৱ নেতা গুণজিৎ বৰ্মন, হেমেন বৰ্মন , সদৌ অসম বঙালী যুব ছাত্ৰ ফেডাৰেচন আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ফুলাম গামোচা, জাপি, ফুলৰ থোপা, শৰাই , চেলেং আৰু মানপত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে উক্ত অনুষ্ঠানতেই সুদক্ষ আৰক্ষী বিষয়া তথা বিৰিণা গোষ্ঠী- অসমৰ সদস্য, কবি ৰূপম হাজৰিকাক বিৰিণা গোষ্ঠী অসমৰ তৰফৰ পৰাও বিপুল ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।ফুলাম জাপি, ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি -সম্পাদক ক্ৰমে লীলাধৰ পাঠক, তফিকুৰ ৰহমান, বিজ্ঞাপন সচিব সুৰজিৎ পাঠক,সদস্য মইদুল ইছলাম(মনি) আৰু বাবুল বনিক্যই । মানৱ সেৱাৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা আৰক্ষী বিষয়া ৰূপম হাজৰিকাক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনায় কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য মণ্ডিত বৰুৱা, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি মহানন্দ সৰকাৰ দত্ত, বৰপেটা জিলা চাইল্ডলাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলাম, বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক, সাংবাদিক গুণজিৎ চৌধুৰী, ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সৰ্থেবাৰী ছাউনিৰ অধিনায়ক অমিত কুমাৰ সিনহা  আদিয়ে ভাষণ প্ৰদান কৰি বিষয়া গৰাকীৰ শলাগ লয় । দ্বি – শতাধিক লোক উপস্থিত থকা উক্ত সভাত নিজৰ মনোভাব ব্যক্ত কৰি আৰক্ষী বিষয়া ৰূপম হাজৰিকাই আবেগিক হৈ পৰে । হাজৰিকাই মনোভাৱ ব্যক্ত কৰি কয় যে সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ মৰম- আদৰ আৰু সহযোগিতা আজীৱন মনত থাকিব । সমাজকৰ্মী তথা সৰ্থেবাৰী আৰক্ষী থানাৰ শান্তি সমিতিৰ  সভাপতি  প্ৰহ্লাদ তালুকদাৰৰ সভাপতিত্বত থানা চৌহদত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গাঁওৰক্ষী বাহিনীৰ  সম্পাদক খান মইদুল ইছলামে । সভাখনত আদৰণি ভাষণ প্ৰদান কৰে শান্তি সমিতিৰ উপ সভাপতি পুতুল আলী শ্বেখে।

Related Articles

Leave a Reply

Close