অসম

স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক, আৰক্ষীৰ জালত হত্যাকাৰী স্বামী জৰুপ আলী

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবড়ীত কালি স্বামীয়ে পত্নীক ডিঙি চেপি হত্যা কৰা এটা লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যই সৃষ্টি কৰিছে।

কালি নিশাই পত্নীক হত্যা কৰাৰ অভিযোগত হত্যাকাৰী জৰুপ আলীক সৰ্থেবাৰী আৰক্ষীয়ে আটক কৰে। স্থানীয় লোক আৰু মৃতকৰ আত্মীয়ৰ অভিযোগ অনুসৰি কালি আবেলি ক্ষুদ্ৰ বামুণবড়ীৰ ৰূপচান আলীৰ কন্যা চানিয়াৰা পাৰবিন (20) নামৰ মহিলা গৰাকীক নিজ স্বামী জৰুপ আলী (38) য়ে পাৰিবাৰিক বিষয়ক লৈ ক্ষুদ্ৰ বামুণবড়ী গাঁৱৰ সোণামিঞাৰ ঘৰৰ চোতালত মাৰধৰ কৰাৰ লগতে ডিঙিত চেপি ধৰে।

স্বামীৰ অত্যাচাৰত কান্দি কান্দি লেবেজান হৈ মহিলাগৰাকী ক্ষুদ্ৰ বামুণবড়ীৰ পিতৃগৃহলৈ যায় যদিও ক্ষন্তেক পিছতে মহিলাগৰাকীৰ মৃত্যু হোৱাত ঘৰখনত হুৱা-দুৱা লাগে। স্বামীৰ অত্যাচাৰতে অতি দৰিদ্ৰ ঘৰৰ মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰে।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ১নং দৌলাশালৰ প্ৰয়াত কয়েদ আলীৰ পুত্ৰ জৰুপ আলীৰ দ্বিতীয় পত্নী আছিল মৃত চানিয়াৰা পাৰবিন। প্ৰথমা পত্নীক দৌলাশালৰ ঘৰত ৰাখি দ্বিতীয় পত্নীক লৈ গুৱাহাটীত দিন হাজিৰা কৰা জৰুপ আলীয়ে পত্নীসহ গাঁৱৰ ঘৰলৈ অহাৰ পিছদিনাই এই ঘটনা সংঘটিত হয়।

ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ পৰিয়ালে সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ খবৰ পাই সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৱে আৰক্ষীৰ এটি দল লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু নিশাই হত্যাৰ অভিযোগত জৰুপ আলীক আটক কৰে।

ঘটনাৰ খবৰ পাই বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যও মাজদিয়া আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ।কালি নিশাই মৃতদেহ সৰ্থেবাৰী আৰক্ষী থানালৈ লৈ আহে । এটি সন্তানৰ মাতৃ চানিয়াৰা পাৰবিনৰ হত্যাকাণ্ডই ক্ষুদ্ৰ বামুণবড়ীৰ লগতে স্বামীগৃহ দৌলাশালতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close