অসমশীৰ্ষ

সৰভোগত প্ৰথম খবৰৰ সাংবাদিকে উদ্ধাৰ কৰিলে অসহায় শিশুক

প্ৰথম খবৰৰ সাংবাদিকৰ কাৰ্যত প্ৰশংসা অঞ্চলবাসীৰ

প্ৰথম খবৰ, সৰভোগ: প্ৰথম খবৰৰ সৰভোগৰ সাংবাদিক নীতিশ পাটগিৰী আৰু তেওঁৰ বন্ধু জিতু দাসে বুধবাৰে নিশা ৯ বজাত সৰভোগ বাছ ষ্টেণ্ডৰ পৰা উদ্ধাৰ কৰে বাক্সা জিলাৰ গোৱৰ্ধনাৰ কালপানীৰ এটি ১০ বছৰীয়া শিশুক।

পৰৱৰ্তী সময়ত সৰভোগ আৰক্ষী থানাত চমজাই দিয়ে শিশুটিক। পিছত আৰক্ষীয়ে ল’ৰা জনক পৰিয়ালৰ বিষয়ে সোধপোচ কৰাত পিতৃ-মাতৃ নথকাৰ কথা পোহৰলৈ আহে।

পিতৃ-মাতৃহীন শিশুটো সম্পৰ্কীয় বায়েকৰ গৃহত আশ্ৰয় লৈ আছিল যদিও ভিনিহিয়েকৰ অত্যাচাৰৰ বলি হৈ ঘৰৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে পিছত ল’ৰা জনক বৰপেটাৰ চাইল্ড লাইনক নিশাই চমজাই দিয়ে।

Related Articles

Leave a Reply

Close