অসম

ৰঙিয়া পৌৰসভাত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কম্পিউটাৰসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ৰ এটা ভবনত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডত কাৰ্যালয় কক্ষৰ কম্পিউটাৰ, ফেন, সকলো আচবাব পত্ৰ লগতে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাত ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অগ্নিকাণ্ডত ক্ষয়ক্ষতিৰ পৰিমাণ কেবা লাখ টকা হ’ব বুলি জনা গৈছে। এই সন্দৰ্ভত সংগৃহীত তথ্য অনুসৰি পৌৰসভা কাৰ্যালয়ৰ অসম আৰ্হিৰ কৰ সংগ্ৰহ কৰা ভৱনটোত হঠাতে জুইৰ সূত্ৰপাত ঘটে ৷

জুইৰ লেলিহান শিখাই নিমিষতে ভবনটোৰ এটা অংশ আগুৰি পেলোৱাত কাৰ্যালয়টোত কৰ্তব্যৰত নৈশ চকীদাৰৰ লগতে একাংশ শ্ৰমিকৰ দৃষ্টিগোচৰ হয়৷ নৈশ চকীদাৰগৰাকীয়ে অকলেই দমকলৰ পানীৰেে পাৰ্যমাণে জুই নুমুৱাৰ চেষ্টা কৰে যদিও ইতিমধ্যে বহু সামগ্ৰী জ্বলি যায়৷

কাৰ্যালয়টোৰ কাষৰীয়া একাংশ লোকেও আহি জুই নুমুৱাত সহায়ৰ হাত আগবঢ়ায়৷ অগ্নিকাণ্ডৰ খবৰ পাই পৌৰ প্ৰতিনিধি দ্বিপেন চক্ৰৱৰ্তীয়ে পৌৰসভাত ধপলিয়াই আহে। তেওঁ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈৈ ৰাইজৰ সহাায়ত তৎপৰতাৰে জুই নিৰ্বাপিত কৰে৷

জানিব পৰা মতে অগ্নিকাণ্ডটোত ভৱনটোত থকা কৰ সংগ্ৰহৰ অসংখ্য নথিপত্ৰৰ লগতে কেইবাটাও কম্পিউটাৰ আৰু আচবাব পত্ৰ জুইত জাহ যায়৷ পৌৰসভা কৰ্ত্তৃপক্ষই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে ভৱনটোত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷

অগ্নিকাণ্ডটোত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে কৰ সংগ্ৰহৰ কামত ব্যৱহাৰ কৰা কম্পিউটাৰ জ্বলি যোৱাত কাৰ কিমান কৰ পৰিশোধ কৰিবলৈ বাকী আছে সেয়া কেনেকৈ নিৰ্ধাৰণ কৰা হ’ব সেই লৈ দুঃচিন্তাত ভূগিছে সংশ্লিষ্ট কৰ সংগ্ৰাহক, নাগৰিক আৰু ব্যৱসায়ীসকল। এই ক্ষেত্ৰত নাগৰিক আৰু ব্যৱসায়ীসকলক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে পৌৰ কৰ্তৃপক্ষই।

Related Articles

Leave a Reply

Close