অসমশীৰ্ষ

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪ কিশোৰ উদ্ধাৰঃ পৰিয়ালক গতালে আৰক্ষীয়ে

প্ৰথম খবৰ ৰঙিয়া ১২ এপ্ৰিলঃ মানৱ সৰবৰাহকাৰীৰ ঘাটিত পৰিণত হৈছে ৰঙিয়া। ৰেল যোগাযোগৰ সুবিধা গ্ৰহণ কৰি মানৱ সৰবৰাহকাৰীৰ এটা বৃহৎ দুষ্ট চক্ৰই ৰঙিয়া ৰেল স্টেচনৰ ওচৰ পাজৰে বাহৰ পাতি প্ৰায় প্ৰত্যেকদিনেই ৰেলেৰে শিশু,কিশোৰ – কিশোৰী, যুৱক- যুৱতী আৰু মহিলাক ৰেল যোগে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাটো এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হোৱাৰ অভিযোগ উঠিছে। এই চক্ৰটোত ৰঙিয়াৰ এটা সমাজ বিৰোধী চক্ৰ জড়িত থকাৰ বাতৰিয়েও ৰঙিয়াত ব্যপক চৰ্চা লাভ কৰিছে। ৰঙিয়া ৰেল স্টেচনত ৰেল আৰক্ষী, ৰেলৱে সুৰক্ষা বল লগতে ৰেলৱে সুৰক্ষা বিশেষ বাহিনী গিজগিজাই থকাৰ পিছতো মানৱ সৰবৰাহ পুৰ্নোদ্যমে চলি থকাৰ মাজতে আজি ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চাৰিগৰাকী কিশোৰক উদ্ধাৰ কৰে। ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথৰ ভাষ্য অনুসৰি লখিমপুৰ জিলাৰ ঘিলামাৰাৰ পৰা এটা দুষ্ট চক্ৰই চাৰি গৰাকী কিশোৰক চাকৰিৰ প্ৰলোভনেৰে গুৱাহাটী পল্টনবজাৰলৈ লৈ আহে। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ কিশোৰ চাৰিজনক দুষ্ট চক্ৰটোৱে গুৱাহাটীৰ পৰা ৰঙিয়ালৈ আনি স্টেচনৰ সমীপৰ এটা গৃহত আৱদ্ধ কৰি ৰাখে। অকল সেয়াই নহয় সৰবৰাহকাৰীৰ দলটোৱে কিশোৰ সকলৰ লগত থকা মোবাইল ফোন বলপূৰ্বক ভাৱে কাঢ়ি নি নিজৰ জিম্মাত লৈ লয় বুলি কিশোৰ সকলে আৰক্ষীক জানিবলৈ দিয়ে । কিশোৰ সকলক ৰঙিয়া ৰেল ষ্টেচনৰ পৰা ৰেলেৰে পঞ্জাৱলৈ লৈ যোৱাৰ মূহুৰ্ততে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া নাথ আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাসৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে ৰেল আৰক্ষীৰ সহযোগত কিশোৰ চাৰিজনক উদ্ধাৰ কৰি থানালৈ লৈ আনে। আৰক্ষীৰ উপস্থিতিৰ উমান পাই সৰবৰাহকাৰীৰ দলটোৱে ৰেলত আত্মগোপন কৰে বুলি জনা গৈছে। আৰক্ষীয়ে কিশোৰ চাৰিজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰাত তেওঁলোকে ৰঙিয়াত আহি উপস্থিত হয়।পাছত আৰক্ষীয়ে সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা কিশোৰ সকলক পৰিয়ালৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি’ আৰক্ষী সূত্ৰত প্ৰকাশ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close