অসমশীৰ্ষৰাজ্যৰ খবৰ

ৰাজ্যবাসীক হাতযোৰ কৰি সহায় ভিক্ষা এজন শিল্পীৰ

প্ৰথম খবৰ, ৰহা :

এগৰাকী শংকৰী কলা-কৃষ্টিৰ একান্ত সাধক। শংকৰী কলা-কৃষ্টি বিকাশ আৰু প্ৰচাৰ কৰাই তেওঁৰ কৰ্ম আৰু ধৰ্ম। ৰহাৰ বাৰপূজীয়া- পুখুৰীপাৰৰ প্ৰায় ৪০বছৰীয়া এই লোকজনৰ নাম গোবিন ওৰফে সাধন দাস। একাগ্ৰ সাধনাই তেওঁৰ কাম। নিচেই সৰুৰে পৰা গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি সাধনা কৰি সাধন দাস কম দিনৰ ভিতৰতে সত্ৰীয়া সংস্কৃতিৰ বিশেষজ্ঞ হৈ পৰিল। গায়ন-বায়নৰ পৰা অংকীয়া ভাওনাত অভিনয়, পৰিচালনাকে ধৰি সকলোফালে পাকৈত হৈ পৰিল গোবিন ওৰফে সাধন। উজ্বলি উঠিল সাধনৰ নাম। গুৰু হৈ পৰিল শ শ জনৰ। ৰাস ভাওনা পৰিচালনা ৰ বাবে আমন্ত্ৰিত হ’ল বিভিন্ন ঠাইৰ পৰা। বুটলি গ’ল ৰাইজৰ প্ৰশংসা। পালে বিভিন্ন দল সংগঠনৰ পৰা সম্বৰ্ধনা। শংকৰী কৃষ্টি সাধনাত ব্ৰতী সাধন দাসে পিচলৈ শ্বিলঙৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ তত্বাৱধানত চলা শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ পদত নিযুক্তি পালে। আৰু তেনেদৰেই তেওঁ এটা সৰু পঁজাত পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানেৰে গঠিত সৰু অথচ সুখী পৰিয়ালটো চলাই গ’ল। মাটি-বাৰী, সা-সম্পত্তি বুলিবলৈ নাই। শ্বিলঙৰ শংকৰী সংগীত বিদ্যালয়খনে দিয়া মাননীৰে সংসাৰ চলাই একান্তভাৱে ব্ৰতী হৈ আছে শংকৰী কৃষ্টি সাধনাত। কিন্তু নিয়তিয়ে নিষ্ঠুৰ আঘাত হানিলে সাধন দাসক। সঘনে শাৰীৰিক অসুস্থতাত ভুগিব ধৰা সাধন দাস আক্ৰান্ত হ’ল কিডনীৰ জটিল ৰোগত। শেহতীয়াকৈ ধৰা পৰি সাধনৰ দুয়োটা কিডনী বিকল হৈ আহিব ধৰিছে। লগে লগে হাহাকাৰ লাগিছে পৰিয়ালটোৰ। উপযুক্ত চিকিৎসা কৰিবলৈ পৰিয়ালটোৰ নাই ধন। কোনে দিব ধন, কোনে দিব কিডনী? চকুৰ পানীৰে বাট নেদেখা হৈছে পৰিয়াল টো। জনপ্ৰিয় শিল্পীজনৰ এই দু:খবৰ বিয়পি পৰাৰ লগে লগে গাওঁবাসীয়েও টুকিছে চকুলো। যিয়ে যেনেকৈ পাৰে আগবঢ়াইছে সহায়ৰ হাত। কিন্তু সেয়া পৰ্যাপ্ত নহয়। সেয়ে সাধনৰ লগতে গাওঁবাসীয়ে বিছাৰিছে ৰাইজৰ সহায়ৰ হাত। সাধন দাসক বুধবাৰে ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। সকলোৱে প্ৰাৰ্থনা কৰিছে মৰমৰ শিল্পীজন সুস্থ হৈ উঠক আৰু নৱ প্ৰজন্মক দিয়ক শংকৰী কৃষ্টি-সংস্কৃতিৰ জ্ঞান। সাধনৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰিলে ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নম্বৰ ৩৩৬৫৫০২২৮৪৪/CIF নং ৮৭২৩২১০২২৬৪ ত বা ৭০০২৭৭১৫৩০ নম্বৰত যোগাযোগ কৰিবলৈ গাওঁবাসীয়ে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close