অসমশীৰ্ষৰাষ্ট্ৰীয়

11 এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত দেশৰ সাধাৰণ নিৰ্বাচন, 23 মে’ত ফলাফল

বিজ্ঞান ভৱনত ঘোষণা নিৰ্বাচন আয়োগৰ

প্ৰথম খবৰ ব্যুৰ’:
দেশত 11 এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত দেশৰ সাধাৰণ নিৰ্বাচন বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ’ব আৰু 23 মে’ত ঘোষিত হ’ব ফলাফল৷ ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচন ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব।
👉 প্ৰথম পৰ্যায়ঃ ১১ এপ্ৰিল, ২০১৯। ৫টা সমষ্টি।
👉 দ্বিতীয় পৰ্যায়ঃ ১৮ এপ্রিল, ২০১৯। ৫টা সমষ্টি।
👉 তৃতীয় পৰ্যায়ঃ ২৩ এপ্রিল, ২০১৯। ৪টা সমষ্টি।
ভোটগণনা অনুষ্ঠিত হ’ব ২৩ মে’, ২০১৯ তাৰিখে।
তদুপৰি, চতুৰ্থ পৰ্যায় 29 এপ্ৰিল, পঞ্চম পৰ্যায় 6 মে’, ষষ্ঠ পৰ্যায় 12 মে’ আৰু 19 মে’ত সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই সম্বোধন কৰা সংবাদমেলখনত তেওঁ লগতে কয়- 91 টা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’ব, 97 টা সমষ্টিত দ্বিতীয় পৰ্যায়ত, 115 টা সমষ্টিত তৃতীয় পৰ্যায়ত, 71 টাত চতুৰ্থ পৰ্যায়ত, 51 টাত পঞ্চম পৰ্যায়ত, 59 টাকৈ সমষ্টিত ষষ্ঠ পৰ্যায় আৰু সপ্তম পৰ্যায়ত ভোটগ্ৰহণ হ’ব৷ মুখ্য নিৰ্বাচনী আয়ুক্ত আৰোৰাই উল্লেখ কৰা মতে, দুটা পৰ্যায়ত Karnataka, Manipur, Rajasthan, Tripura, তিনিটা পৰ্যায়ত Assam, Chhattisgarh, চাৰিটা পৰ্যায়ত Jharkhand, MP, Maharashtra Odisha পাঁচটা পৰ্যায়ত J&K, সাতটা পৰ্যায়ত Uttar Pradesh, Bihar, West Bengal আৰু এটা পৰ্যায়ত Andhra Pradesh, Arunachal Pradesh, Goa, Gujarat, Haryana, Himachal Pradesh, Kerala, Meghalaya, Mizoram, Nagaland, Punjab, Sikkim Telangana, Tamil Nadu, Uttarakhand, Andaman and Nicobar, Dadra and Nagar Haveli, Daman and Diu, Lakshadweep, New Delhi, Pondicherry and Chandigarhত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close