অসম

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি :- মধ্যাহ্ন ভোজন আঁচনি এনজিঅ’ক গতাই দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই আজি(১৪ মাৰ্চত) জিলাখনৰ ভেৰগাঁৱৰ খৈৰাবাৰীত বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰে খৈৰাবাৰী-গুৱাহাটী পথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যৰ ২৮ খন জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত কেন্দ্ৰীয় ৰন্ধনশালাৰ জৰিয়তে মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব ১৫ টা এন জিঅ’ক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ জনাই সংস্থাৰ কেইবা শতাধিক সদস্য-সদস্যাই হাতে-হাতে বেনাৰ-প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে খৈৰাবাৰীৰ পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে মধ্যাহ্ন ভোজন আঁচনি এনজিঅ’ক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, ৰন্ধন কৰ্মীক বাৰ মাহে পাৰিশ্ৰমিক দিয়া, ৰন্ধনকৰ্মীৰ মাননি ন হাজাৰ টকাকৈ বৃদ্ধি কৰা, ৰন্ধনকৰ্মীৰ পেন্সন, চিকিৎসা সাহাৰ্য্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত বিভিন্ন শ্ল’গান দি গুৰুত্বপূৰ্ণ পথটোৰ স্বাভাৱিক জীৱন যাত্ৰা অচল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ অন্তত খৈৰাবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close