অসমশীৰ্ষৰাজ্যৰ খবৰ

P&RD আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰী: দিছপুৰ থানাত মন্ত্ৰী, সঞ্চালকৰ বিৰুদ্ধে গোচৰ

জন সংযোগৰ যুটীয়া সঞ্চালকক নিলম্বন

প্ৰথম খবৰ, গুৱাহাটী: ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা P&RD আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰীক লৈ
দিছপুৰ থানাত গোচৰ ৰুজু হৈছে৷ বিভাগটোত চলা নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ বাবে আৰক্ষীক অনুৰোধ জনাই অসম দুর্নীতি বিৰোধী যুৱ-শক্তি নামৰ সংগঠনে এই গোচৰ দিছে৷ এই গোচৰত পঞ্চায়ত, গ্ৰামোন্নয়নৰ কেলেংকাৰীক লৈ মন্ত্ৰী নৱ দলে,যুটীয়া সঞ্চালক এছ এ লস্কৰপ, যুটীয়া সঞ্চালিকা জ্যোৎস্না পেগু আদিক অভিযুক্ত কৰি এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে৷
আনপিনে, জনসংযোগৰ চাকৰি কেলেংকাৰীক লৈ বিভাগটোৰ অ’এছডি ৰাজীৱ প্ৰকাশ বৰুৱাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ৷ ইপিনে, দুৰ্নীতিৰ অভিযোগক লৈয়ে চৰকাৰে জনসংযোগৰ যুটীয়া সঞ্চালক এগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা বুলিও বাতৰি ওলাইছে৷

Related Articles

Leave a Reply

Close