অসম

আজি নলবাৰীত দিলিপ শইকীয়াৰ সমৰ্থনত ৰোড শ্বো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ ব্যাপক প্ৰস্তুতি

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ ,নলবাৰী, ৮ এপ্ৰিল – মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনকলৈ বিজেপি এজিপি, বি পি এফ মিত্ৰজোটঁ আৰু বিৰোধী কংগ্ৰেছ দলে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। এনে সময়তে কাইলৈ আবেলি চাৰি বজাত মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটঁৰ প্ৰাৰ্থী দিলিপ শইকীয়াৰ সমৰ্থনত নলবাৰীৰ গৰ্ডন স্কুল খেল পথাৰৰ পৰা বিশাল ৰোড শ্বো’ৰ বাবে প্ৰস্তুতি চলাইছে । আজি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা,আৰতি বৈশ্য,সাধাৰণ সম্পাদক অঞ্জন শৰ্মা,সম্পাদক দিলজিৎ বৰ্মন, তৌফিকুল হক চৌধুৰী,কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্তই এক বিবৃতিত জনোৱা মতে কাইলৈ অনুষ্ঠিত হব লগা ৰোড ‘শ্বো’ গৰ্ডন স্কুল খেলপথাৰত আৰম্ভ কৰি প্ৰায় দহ কিলোমিটাৰ পথত কৰা হব আৰু নলবাৰী সমষ্টিৰ দহ সহস্ৰাধিকৰো অধিক ৰাইজে ভাগ লব বুলি আশা কৰিছে । অনুষ্ঠানত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী দিলিপ শইকীয়া সহ কেইবাজনো নেতা উপস্থিত থাকিব । অনুষ্ঠানত নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজৰ অংশ গ্ৰহণ শ্ৰদ্ধাৰে কামনা কৰিছে নলবাৰী জিলা বিজেপিয়ে ।

Related Articles

Leave a Reply

Close