অসমশীৰ্ষ

ইণ্ডিয়া ৰেংকিং ২০১৯’ ত গুৱাহাটী আই আই টিৰ নৱম স্থান দখল

পঙ্কজ নাথ, চাংসাৰি, ৯ এপ্ৰিল : -কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁওস্থিত গুৱাহাটী আইআইটি উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান। উচ্চ শিক্ষা বিজ্ঞান় প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হিচাপে চিহ্নিত হৈছে আইআইটি। ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ নেচনেল ইন্সটিটিউচনেল ৰেংকিং ফ্ৰেমৱাকচে প্ৰতি বছৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বোৰৰ প্ৰদৰ্শনৰ ওপৰত মূল্যাংকন কৰি স্হান নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত সমীক্ষা ‘ইণ্ডিয়া ৰেংকিং ২০১৯’ৰ ফলাফল অনুসৰি গুৱাহাটী আইআইটিয়ে যোৱা বছৰ ১২ নং স্থানৰ পৰা অগ্ৰগতি লাভ কৰি ভাৰতবৰ্ষৰ শিক্ষা অনুষ্ঠানৰ ভিতৰত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে, কাৰিকৰী প্ৰযুক্তিবিদ্যা শিক্ষাত সপ্তম স্থান দখল কৰে আইআইটি গুৱাহাটীয়ে। উল্লেখনীয় যে, বিগত ৩ বছৰত আইআইটি গুৱাহাটীয়ে একেৰাহে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে। যোৱাকালি ৮ এপ্ৰিলত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এই বঁটাসমূহ প্ৰদান কৰে। গুৱাহাটী আইআইটিৰ সঞ্চালক প্ৰফেছৰ গৌতম বিশ্বাস, প্ৰফেছৰ পৰমেশ্বৰ কে আইয়াৰ এই বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী আইআইটিৰ হৈ পদক গ্ৰহণ কৰে। গুৱাহাটী আই আই টিৰ এই সফলতাৰ পিছতে প্ৰতিস্থান খনিৰ বিষয়া, কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ মাজত এক নতুন উৎসাহ আৰু আনন্দই বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে।

User Rating: 4.55 ( 1 votes)

Related Articles

1 thought on “ইণ্ডিয়া ৰেংকিং ২০১৯’ ত গুৱাহাটী আই আই টিৰ নৱম স্থান দখল”

Leave a Reply

Close