অসমশীৰ্ষ

কংগ্ৰেছ কেকটাছ, বিন্ধিব জানে: মুখ্যমন্ত্ৰী

নলবাৰীৰ চামতাত মুখ্যমন্ত্ৰী

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী: কংগ্ৰেছ কেকটাছ।বিন্ধিব জানে।সমাজ নিৰ্মান কৰিব নাজানে আৰু আৰু ৰাষ্ট্ৰও নিৰ্মাণ কৰিব নাজানে-এওঁ মন্তৱ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।আজি নলবাৰীৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰপেটা লোকসভা সমষ্টিৰ অগপ মিত্ৰজটোৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী চলাবলৈ আহি এনেদৰে কোৱাৰ লগতে আৰু কয়-কংগ্ৰেছৰ অৱহেলাত অসম অন্ধকাৰ আছিল।ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৱৰ ৰাজ্যই প্ৰাণ পাই উঠিছে।ক্ষিপ্ৰত্ ৰ হৈ পৰিছে বিকাশ আৰু উন্নয়ন। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত তেওঁ সকলো ৰাইজক নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি ভাৰতবৰ্ষৰ বুকুত অসমক এখন শক্তিশালী ৰাজ হিচাপে প্ৰতিষ্ঠিত কৰাৰ বাবে আহ্বান জনায়।ইপিনে কংগ্ৰেছ দলৰ ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-কংগ্ৰেছে ৭০ বছৰ শাসন কৰিলে,কিন্তু দেশৰ উন্নয়ন নহল।কংগ্ৰেছৰ দিনত গোষ্ঠী সংঘৰ্ষ হৈছিল।লগতে কংগ্ৰেছে চৰকাৰ গঠনত ডাঙৰ ডাঙৰ ৰাজ্যত গুৰুত্ত দিছিল।ইয়াৰ বিপৰীতে মোদীয়ে সৰু সৰু ৰাজয়ীৰ পৰা প্ৰতিনিধি লৈ নিজৰ মন্ত্ৰীপৰিষদ গঠন কৰি এক সুকীয়া দৃষ্টান্ত দাঙি ধৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে-সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে গুৱাহাটী চহৰ্ খনে আন্তৰ্জাতিক পৃথিৱীত এক সুকীয়া মৰ্যাদা লাভ কৰিব।কামাখ্যা প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱাই সভাত কৃষি মন্ত্ৰী অতুল বৰাই কৈ যে- ইয়াৰে প্ৰাক্তন মন্ত্ৰী এজনৰ পুত্ৰই জেলৰ ভাত খাই দুৰ্নীতিৰ কথা উদঙাই দিছে।আজমল আৰু তৰুণ গগৈৰ পুত্ৰৰ খুড়া-ভতিজাৰ সম্পৰ্ক আমি পুলিয়ে পোখাই উভলিব লাগিব।তেওঁ কংগ্রেছক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ দল বুলি অভিহিত কৰে।উল্লেখযোগ্য এই সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,বিধায়ক সত্যব্ৰত কলিতা, বিজেপি নেতা প্ৰাণ কুমাৰ দাস, কামাখ্যা শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, চামতা জিলা পৰিষদৰ সদস্যা মিনাক্ষী কলিতা, নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা, বেলশৰ জিলা পৰিষদৰ সদস্য ৰীতামণি ডেকা, পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ ডেকা সহ কেবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close