অসমশীৰ্ষ

কাজিৰঙাত উত্তপ্ত প্ৰতিবাদ

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:মঙলবাৰে কাজিৰঙা মেঠনি চাহ বাগিচাত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি ৷বাগিচা খনৰ শ্ৰমিক সকলে দীৰ্ঘদিন ধৰি ভোগি অহা নানান সমস্যাৰ সামাধানৰ দাবীত বাগিচাৰ কলঘৰৰ প্ৰৱেশ দ্বাৰত অৱস্থান কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে শ্ৰমিক সকলে ৷আটচাৰ বোকাখাত শাখাৰ নেতৃত্বত মেঠনি চাহবাগিচাৰ শ্ৰমিক সকলে বাগিচা কৰ্তৃপক্ষৰ বিৰোদ্ধে শোষনৰ অভিযোগ উথ্থাপন কৰি অতি শীঘ্ৰে তেওঁলোকৰ সমস্যা সমূহ পূৰণ কৰাৰ দাবী উথ্থাপন কৰে ৷আনহাতে প্ৰথম অৱস্থাত বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে ৷ফলত পথটোৰে যানবাহনৰ চলাচল সন্পূৰ্ণ ব্যাহত হৈ পৰে ৷আটচাৰ অভিযোগ মতে বাগিচা খনৰ শ্ৰমিক সকলে ন্যুনতম সা সুবিধা খিনিৰ পৰাও বঞ্চিত হৈ আহিছে ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰোদ্ধে তীব্ৰ ক্ষুভ প্ৰকাশ কৰি আটচাৰ নেতৃত্বই চৰকাৰ ভূমিকাকো সমালোচনা কৰে ৷লগতে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ প্ৰতিও তীব্ৰ বাক্যবান নিক্ষেপ কৰে আটচাই ৷অৱশ্যে পিছত বোকাখাত মহকুমা প্ৰশাসনৰ উপস্থিতিত বাগিচা কৰ্তৃপক্ষই সমস্যা সমূহ সামাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হয় ৷

Related Articles

Leave a Reply

Close