অসমবিনোদন

কাজিৰঙাত বসন্ত উৎসৱ

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ:কাজিৰঙাৰ ৰাজপথত বিদেশী পৰ্যটকৰ বিহু নাচ ৷ঝুমুইৰ তালে তালে খোজ মিলালে বিদেশী পৰ্যটকে ৷উল্লেখ্য যে দেওঁবাৰৰ পৰা কাজিৰঙাত আৰম্ভ হৈছে ২৯ সংখ্যক কহঁৰা বসন্ত উৎসৱ ৷উৎসৱৰ প্ৰথম দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰে কাজিৰঙাৰ ৰাজপথ । প্ৰায় সাত শতাধিক বিহু প্ৰেমী ৰাইজ,দল সংগঠনে অংশ লয় এই বৰ্ণাঢ্য শোভাযাত্ৰাত ৷ বিহু ঝুমুৰৰ নৃত্যত আনন্দমুখৰ পৰিৱেশ কাজিৰঙাৰ ৰাজপথত ৷ উল্লেখ্য যে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আপ্লুত কাজিৰঙালৈ অহা দুজন ইউৰোপৰ পৰ্যটক ৷ বিহু ঝুমুৰৰ তালত নাচি
মন্ত্ৰমুগ্ধ হৈ পৰে দুয়োজন পৰ্যটক ৷

Related Articles

Leave a Reply

Close