অসম

কৃষ্ণাইলৈ গৌৰৱ কঢ়িয়াই আনিলে “ভাৰত ৰত্ন ৰাজীব গান্ধী গল্ড ষ্টাৰ এক্সিলেঞ্চ বঁটা-২০১৯”প্ৰাপ্ত ডা: দিলীপ কুমাৰ ঘোষে

প্ৰথম খবৰ, দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী: নিস্বাৰ্থ সমাজসেৱা আৰু বিনামুলীয়া চিকিৎসা চিকিৎসা সেৱাৰে বৃহত্তৰ কৃষ্ণাই অঞ্চলত জনপ্ৰিয় হৈ পৰা গোৱালপাৰা জিলাৰ কৃষ্ণাই বেকীপুলৰ আয়ুৰ্বেদিক চিকিৎসক ডা: দিলীপ কুমাৰ ঘোষে যোৱা ১২ এপ্ৰিল ২০১৯ তাৰিখে নতুন দিল্লীত ইণ্ডিভিজুৱেল এচিভমেণ্ট অব্ নেচনেল ডেভলপমেন্ট আয়োজিত এক অনুস্থানত “ভাৰত ৰত্ন ৰাজীব গান্ধী গোল্ড ষ্টাৰ এক্সিলেঞ্চ এৱাৰ্ড-২০১৯” এৱাৰ্ড বঁটা লাভ কৰি কৃষ্ণাইৰ লগতে গোৱালপাৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অঞ্চলটোৰ প্ৰয়াত গৌৰাংগ চন্দ্ৰ ঘোষ আৰু পাৰুল ৰাণী ঘোষৰ সুযোগ্য সন্তান ডা: দিলীপ কুমাৰ ঘোষে সৰুৰে পৰাই বিভিন্ন সামাজিক কামৰ সৈতে জড়িত থাকি কানপুৰস্থিত আয়ুৰ্বেদিক কলেজৰ পৰা ১৯৮৩ চনত ডক্টৰী শিক্ষা সমাপ্ত কৰি সেই চনৰ পৰাই কৃষ্ণাই টাউনত “ঘোষ মেডিকেল হ’ল” খুলি ব্যক্তিগত ভাবে অঞ্চলস্থ ৰাইজৰ মাজত চিকিৎসা সেৱা আৰম্ভ কৰি দিয়ে। বিগত ২০ বছৰ কাল ডা: ঘোষে ৰাইজক চিকিৎসা কৰাৰ উপৰিও ৰাইজৰ পৰা দৰবৰ বাহিৰে কোনো মাননি লোৱা নাছিল।আনকি দুখীয়া লোক সকলক বিনামুলীয়াকৈ দৰৱো দিছিল।চিকিৎসাৰ ক্ষেত্ৰত উল্লেখনীয় ভুমিকা অৰ্জন কৰা ডা: ঘোষে ৰাইজৰ একান্ত সেৱক হিচাবে থাকি ১৯৮৬ চনত বেকীপুলত তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাতে বেকীপুল প্ৰাথমিক বিদ্যালয় স্থাপন কৰি একেৰাহে উনত্ৰিশ বছৰ কাল পৰিচালনা কমিটিৰ সভাপতি পদত থাকি প্ৰাথমিক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত মুখ্য ভুমিকা পালন কৰিছিল। তেওঁ তেওঁৰ প্ৰয়াত ভাতৃ ৰূপ কুমাৰ ঘোষৰ স্মৃতিত “আৰ কে মেমোৰিয়েল সাহাৰা ক্লাব গঠনৰ বাবে ভুমি দান কৰাৰ উপৰিও কৃষ্ণাই কৃষ্ণ মন্দিৰ কমিটিৰ সভাপতি, মোলানডুবি আঞ্চলিক কালী মন্দিৰ কমিটিৰ সভাপতি, কৃষ্ণাই উন্নয়ন কমিটিৰ সদস্য পদত থকাৰ উপৰিও অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰূপেও সন্মানিত হৈছে।বিগত ৫১ বছৰে নিজৰ ঘৰত দুৰ্গাপূজা কৰি অহা ডা: ঘোষে ৰাজহুৱা কামৰ স্বিকৃতি স্বৰূপে চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত এচিভাৰ্চ এচ’ছিয়েচন ফৰ হেল্থ এণ্ড এডুকেছনেল গ্ৰোথ-নিউ দিল্লীৰ তৰফৰ পৰা থাইলেণ্ডৰ বেংককত “ইন্টাৰনেশ্বনেল মিলেনিয়াম গোল্ড ষ্টাৰ” বঁটা লাভ কৰাৰ উপৰিও ২০১৫ চনত নতুন দিল্লীত “মাডাৰ টেৰেছা সদ্ভাৱনা” বঁটা, ২০১০ চনত কলিকতাত ইণ্ডিয়ান বোৰ্ড অৱ অল্টাৰনেটিভ মেডিচিনৰ তৰফৰ পৰা সোণৰ পদক, ২০০৯ চনত “ৰাষ্ট্ৰ ৰতন” বঁটা, অল ইণ্ডিয়া বিজনেছ ডেভলপমেন্টৰ (নতুন দিল্লী) তৰফৰ পৰা ২০০৮ চনত “ভাৰতীয় বিকাশ ৰতন বঁটা”, ইণ্ডিয়ান চচাইটি ফৰ ইণ্ডাষ্ট্ৰী এণ্ড ইন্টাৰনেশ্বনেল ডেভলপমেণ্টৰ তৰফৰ পৰা নতুন দিল্লীত “ৰাষ্ট্ৰীয় সন্মান পুৰস্কাৰ” আৰু জান আলোচনীৰ তৰফৰ পৰা “জান সম্বৰ্ধনা” বঁটাৰে সন্মানিত হৈ বৃহত্তৰ কৃষ্ণাই অঞ্চলৰ লগতে গোৱালপাৰা জিলালৈ সন্মান তথা গৌৰৱ কঢ়িয়াই আনিছে। ভবিষ্যতেও তেওঁ এনেদৰেই ৰাইজৰ স্বাৰ্থত সমাজ সেৱাৰ জড়িয়তে কাম কৰি যাব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখনীয় মন্তব্য কৰে ।

Related Articles

Leave a Reply

Close