অসম

জালুকবাৰী সমষ্টিৰ ৰুদ্ৰেশ্বৰত বাহৰ দলঙেৰে যাতায়তৰ লগতে নাই খোৱা পানী, নলা নৰ্দমাৰ ব্যৱস্থা।

পঞ্চায়ত নিৰ্বাচনৰ আগৰ প্ৰতিশ্ৰুতি ধোঁৱা চাঙত তুলিলে বিজেপিয়ে।

পঙ্কজ নাথ, চাংসাৰি, ৮ এপ্ৰিল:- আজিও উন্নত নহল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ এটি অঞ্চল। মন্ত্ৰী গৰাকীয়ে প্ৰায় কুৰি বছৰে এই সমষ্টিটোত প্ৰতিনিধিত্ব কৰাৰ পিছতো উন্নয়নৰ মুখ নেদেখা মহানগৰীৰৰ দাতি কাষৰীয়া এটি অঞ্চল হল ৰূদ্ৰেশ্বৰ। খোদ অসম চৰকাৰৰ শক্তিশালী, বিত্তশালী মন্ত্ৰীৰ সমষ্টিৰ এই অঞ্চলটি কংগ্ৰেছ চৰকাৰৰ আমোলত অগপৰ ঘাটি বুলি অবজ্ঞা কৰি অহা হৈছিল। বৰ্তমান উন্নয়ণৰ স্বাৰ্থত সমুহীয়াভাবে অগপ এৰি বিজেপি লৈ ঢাপলি মেলিলে যদিও কোনো আচনিয়ে ঢুকি পোৱা নাই উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ বাসীক। আজিও পানী, নলা নৰ্দমা , বাটপথ সকলোতে উপেক্ষিত হৈ আছে ৰুদ্ৰেশ্বৰবাসী। নলাৰ অভাবত এজাক বৰষুণতে ডুবযোৱা গাওঁখনৰ এটি অঞ্চলৰ আবাসীয়ে আজিও বাহৰ দলঙেৰেই যাতায়ত কৰি আহিছে । তাৰোপৰি আন একাংশই বাৰিষা কালত বোকা পানী ভাঙি দুৰ্বিসহ যাতায়ত কৰি আহিছে বুলিও অঞ্চলবাসীয়ে মনৰ দুখ ব্যক্ত কৰিছে। এসময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিতাহী মাৰি মোডীৰ গুজৰাটকৈ জাকত জিলিকা বুলি কোৱা জালুকবাৰী সমষ্টিতো যে এনে অতি পিছপৰা অঞ্চল এটি থাকিব পাৰে নিজ চকুৰে নেদেখিলে চাগে কোনোৱে বিশ্বাসেই নকৰিব ৰূদ্ৰেশ্বৰ বাসীৰ কষ্টকৰ জীবনৰ কথা l বিগত পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে বিজেপি দলৰ নেতাই প্ৰতিশ্ৰুতি দি এই অঞ্চলটোৰ বিকাশ কৰিম বুলি কৈছিল। আনকি গড়কাপ্তানি বিভাগৰ অভিযন্তা আহি লেখজোখ কৰি নিৰ্বাচনৰ পাছত পথ নিৰ্মাণৰ আশ্বাস দিলে যদিও সকলো ফুটুকাৰ ফেন হৈ ৰল । ইফালে ৰুদ্ৰেশ্বৰত প্ৰতিষ্ঠিত ইমামী উদ্যোগ প্ৰতিষ্ঠানে অঞ্চলটিৰ পানী ওলাই যোৱা পথ বন্ধ কৰি ৰখাত এক বৃহৎ অঞ্চলৰ আবাসী এতিয়া জলবন্দী হৈ পৰিছে। যাৰ ফলত নানা আহুকালৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ। তাৰোপৰি অঞ্চলটোত এতিয়ালৈ পকীকৰণ নোহোৱা গড়কাপ্তানি পথ দুছোৱাত এজাক বৰষুণ দিলেই বোকাময় হৈ একাঠু পৰ্যন্ত হৈ পৰাৰ বাবে অতি ব্যস্ততা পূৰ্ণ পথছোৱাৰ পথচাৰী আৰু যাত্ৰীসকলে নানান দুৰ্ভোগ ভুগিব লগা হয় বুলি অঞ্চলবাসীয়ে জানিবলৈ দিছে। তদুপৰি অঞ্চলটোৰ বাবে খোৱাপানীৰ ব্যৱস্থা হব পৰা ৰহধলা পানী যোগান আচনিৰ পানী প্ৰকল্প নিৰ্মাণৰ দিনধৰি মুকলি নোহোৱাত খোৱা পানীৰ বাবে আজিলৈকে নাই সেই অঞ্চলটোত কোনো সুব্যবস্থা l যাৰবাবে ইয়াৰ বাসিন্দা সকলে বিশুদ্ধ খোৱাপানী এটুপিৰ বাবে যথেষ্ট সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। এনেদৰে সৰ্বোপৰি কোনো চৰকাৰী আচনিয়ে সফল ভাৱে ৰূপায়িত হোৱা নাই এই অঞ্চলটিত । সেই বাবে এই অঞ্চলটোৰ ৰাইজে অতি সোনকালে বিভাগীয় কতৃপক্ষ, কামৰূপ প্ৰশাসনৰ লগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশা ও মৰ্মবেদনা উপলব্ধি কৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। ইয়াৰ অন্যথা হলে আগন্তুক লোকসভা নিৰ্বাচনত ৰূদ্ৰেশ্বৰবাসী ৰাইজে বিজেপি চৰকাৰক প্ৰতাৰণাৰ এসেকা ল’বলৈ সাজু থাকিবলৈ সকীয়নি প্ৰদান কৰিছে।

Related Articles

Leave a Reply

Close