অসমবিনোদন

ডিব্ৰুগড়ৰ প্ৰিয়ানো ষ্টুডি’অত “কুঁহিপাত,সৰু সূতা” দুখনকৈ শ্ৰব্য কেছেট উন্মোচন

নিজা প্ৰতিবেদক ,ডিব্ৰুগড় ১০ এপ্ৰিল — আমাৰ সমাজত তৰুণ প্ৰজন্মৰ মাজতো প্ৰতিভাবান শিল্পী বহুত আছে ৷ নিজস্ব চিন্তাৰে,সাধনাৰে সাংস্কৃতিক ক্ষেত্ৰত কাম কৰি আছে ৷ কেতিয়াবা তেঁওলোক ব্যৰ্থ হ’ব পাৰে কিন্তু তাকে লৈ হতাশ হোৱাৰ প্ৰয়োজন নাই ৷ আজি নামৰুপৰ প্ৰিয়ানো ষ্টুডিঅ’ত কুঁহিপাত vol-3 আৰু সৰু সূতা নামেৰে দুটাকৈ শ্ৰব্য কেছেটৰ এলবাম উন্মোচন কৰি এই মন্তব্য কৰে সংগীত পৰিচালক পৰশজ্যোতি দিহিঙীয়াই ৷ টংকেশ্বৰ ফুকন আৰু নবজ্যোতি চেতিয়া (ককৈ দাইয়ে ) প্ৰযোজনা কৰা এলবাম কেইটিত কন্ঠদান কৰিছে তৰুণ প্ৰজন্মৰ জনপ্ৰিয় কন্ঠশিল্পী শিবানী ফুকনে ৷ উক্ত অনুষ্ঠানতে বহুকেইজন সংগীত শিল্পীৰ লগতে যুৱ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে দুয়োটা এলবামে শ্ৰোতা ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ ৰন্টু চেতিয়াই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভনিত কণমানি শিল্পী শিক্ষিতা হাতীবৰুৱাই দুটাকৈ গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷৷

Related Articles

Leave a Reply

Close