অসম

দুৰাচাৰী কংগ্ৰেছক লোকসভা নিৰ্বাচনত উৎখাত হব – অপূৰ্ব শৰ্মা নলবাৰীত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত দুখনকৈ সভাৰে মহিলাৰ বিশাল প্ৰচাৰ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ , নলবাৰী ,১০ এপ্ৰিল – মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি এজিপি, বি পি এফ দলৰ সমৰ্থিত প্ৰাৰ্থী দিলিপ শইকীয়াৰ সমৰ্থনত নলবাৰী জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভদ্ৰা শিৱ মন্দিৰ প্ৰাংগনত আৰু অৰৰা বকুলতল চকত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । সভা সমূহত নলবাৰী জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা, প্ৰাৰ্থী গৰাকীৰ পত্নী নিজু শইকীয়া, বেলশৰ জিলা পৰিষদৰ সদস্যা ৰীতামণি ডেকা, মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, ৰাজ্যিক উপ সভানেত্ৰী অজিতা বৰ্মন, যুৱ নেতা কিশোৰ কলিতা, পঞ্চায়ত সভানেত্ৰী নমিতা দাস সহ অঞ্চল দুটাৰ কেইবাশতাধিক ৰাইজ উপস্থিত থাকে । অৰৰাৰ সভাত ভাষন ৰাখি জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মাই কয় যে – দুৰাচাৰী কংগ্ৰেছে ভাৰতৰ শত্ৰু দেশ পাকিস্তানক আক্ৰমণ কৰিলে সহানুভুতি প্ৰকাশ কৰে । কিন্তু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিৰ চৰকাৰে শত্ৰু দেশক প্ৰত্যুত্তৰ দিয়ে । বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে বিভিন্ন উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰি ৰাইজক সকাহ দিছে । ইতিমধ্যে ৰাইজে তাৰ সুফল লাভ কৰিছে । কংগ্ৰেছে স্বাধীনতাৰ পিছত দীৰ্ঘসময় ধৰি দেশ শাসন কৰিলে যদিও দৰিদ্ৰতাই আতৰাব নোৱাৰিলে । এতিয়া নিৰ্বাচন অহা দেখি দৰিদ্ৰৰ নামত ঘৰিয়ালৰ চকু পানী টুকিছে । সেয়েহে আগন্তুক ১৮ এপ্ৰিলৰ নিৰ্বাচনত বিজেপি এজিপি আৰু বি পি এফৰ সমৰ্থিত প্ৰাৰ্থী দিলিপ শইকীয়াক ভোট দি নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰক আৰু উন্নয়ন বিকাশত সহযোগ কৰিবলৈ আহ্বান জনায় । সভাত প্ৰাৰ্থী গৰাকীৰ পত্নী নিজু শইকীয়াই ভাষনত কয় যে কংগ্ৰেছৰ আভুৱাভাৰা চৰিত্ৰ বুজিবলৈ ৰাইজে বাকী নাই । আগত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী গৰাকীক ভোট দি কংগ্ৰেছৰ মিছলীয়া ৰাজনীতিৰ উত্তৰ দিয়ক বুলি দোহাৰে । সভাত জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মনে মঙলদৈ সমষ্টিৰ বিজেপিক মিত্ৰজোটঁৰ প্ৰাৰ্থী দিলপি শইকীয়াৰ জয় নিশ্চিত বুলি দাবী কৰি সমবেত ৰাইজক বিজেপিৰ পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ।

Related Articles

Leave a Reply

Close