অসমশীৰ্ষ

নলবাৰীত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বো ‘

ৰাজনীতি কৰিবলৈ ছোনিয়া -তৰুণ গগৈৰ সন্তান হব নালাগে

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ , নলবাৰী ,৯ এপ্রিল :- মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ আজি নলবাৰী ত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এটা ৰোড স্ব ‘ত অংশ গ্ৰহণ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।লবাৰী চহৰৰ ঐতিহাসিক গৰ্ডন স্কুল খেলপথাৰৰ পৰা আৰম্ভ হৈ পোষ্ট অফিচ চকৰে বাটা চকৰ সন্মুখেদি হৰিমন্দিৰ চক ৷তাৰ পিচত ভকত পাৰা হৈ নাগাৰা চকেদি বৰুৱা ৰোডৰ বিজেপি অফিচৰ সন্মুখেদি নলবাৰী নাট্যমন্দিৰ হৈ বীৰেন গেৰেজ চকলৈ ৷ বীৰেন গেৰেজৰ সন্মুখেদি গোপালবজাৰ হৈ পুনৰাই নলবাৰী গৰ্ডন স্কুল খেলপথাৰত সমাপ্ত হয়।ইয়াত ভাষণ দি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে- পুনৰাই কেন্দ্ৰত মোদী চৰকাৰ হব।সমগ্ৰ জনতাৰ মুখত কেৱল আকৌ এবাৰ মোদী চৰকাৰ।তেওঁ তৰুণ গগৈক সমালোচনা কৰি কৈ যে গগৈয়ে নিজৰ পুত্ৰক জিকাবলৈ বদৰুদ্দিনৰ সৈতে মিতিৰালী কৰিছে। তেওঁ কংগ্ৰেছ চৰকাৰে পূৰ্বতে পাকিস্তানী সন্ত্ৰাবাদীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।ৰাজনীতি কৰিবলৈ চনীয়াৰ সন্তান বা তৰুণ গগৈৰ সন্তান হব নালাগে।বিজেপিয়ে এনে সন্তান নিবিচাৰে। উল্লেখযোগ্য এই পদযাত্ৰাত ভাগ লৈছিল মংগলদৈৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া , নলবাৰীৰ বিধায়ক অশোক শৰ্মা,বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বিজেপিৰ জিলা সভাপতি বনদ্বীপ ডেকা , অগপৰ জিলা সভাপতি আনন্দ ৰাজবংশী আদিয়ে ৷

Related Articles

Leave a Reply

Close