অসম

পুৰ্ণ গতিত চলিছে শৰাইঘাট দলঙৰ মেৰামতিৰ কামকাজ । যথাসময়ত মেৰামতিৰ কাম সম্পূৰ্ণ কৰি যাতায়ত সুচল কৰি তোলাৰ দাবী ৰাইজৰ।

পঙ্কজ নাথ, চাংসাৰি, ৯ এপ্ৰিল : -মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত শৰাইঘাটৰ প্ৰথম দলংখনৰ মেৰামতিৰ কাম পূৰ্ণগতিত চলিছে। শৰাইঘাটৰ এই দলঙখনৰে ৯০ দিনৰ বাবে সময়সীমা হাতত ৰাখি যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছে। ১৯৬২ চনত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত শৰাইঘাট দলং ৰাজ্যবাসীৰ বাবে এক গৌৰৱ। এই বৃহৎ দলঙখনে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ৫৭টা বৰ্ষ। সাক্ষী হৈ ৰ’ল অসমৰ ইতিহাসৰ বহু বিৰল ঘটনাৰ। দলঙখন পুৰণি হৈ অহাৰ বাবে কেইবাঠাইতো ফাট মেলাৰ পৰিপ্ৰেক্ষিততে সম্পূৰ্ণ মেৰামতি কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৩ মাহৰ বাবে বন্ধ ৰাখিছে যাতায়ত। দলং খনৰ কেইবাঠাইতো ফাট মেলাত লোৰ প্লেটেৰে ঢাকি বিপদ সংকুল যাত্ৰা চলি থকাৰ বাবে বিভাগটোৱে সেয়া বন্ধ কৰাই বিগত এমাহ জুৰি দ্ৰুতগতিত দলঙখনৰ মেৰামতিৰ কাম চলাই আছে। শ্ৰমিক সকলে অভিজ্ঞ অভিযন্তাৰ নিৰিক্ষণত ইতিমধ্যে বহুখিনি কাম আগবঢ়াইছে। আনহাতে দলঙখন বন্ধ হোৱাৰ ফলত আমিনগাঁৱলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ৷ প্ৰতি সপ্তাহৰ সোমবাৰৰ দিনটো এই যান-জঁট বেছিকৈ হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাই যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱাটো পৰিলক্ষিত হোৱা নাই। বৰ্তমান গুৱাহাটীত বৰষুণ হৈ থকাৰ ফলত দেখা গৈছে অলপ বৰষুণ হ’লেই শৰাইঘাট দলঙৰ লগতে লাগি থকা নতুন দলঙখনৰ কিছু কিছু অংশত পানী জমা হয়। ফলত দলঙৰ ওপৰত জমা হোৱা পানীৰ ওপৰেৰে যানবাহন চলাচল কৰা বাবে আলকতৰাবোৰ খহি জৰাজীৰ্ণ হবলৈ আৰম্ভ কৰিছে। সেয়েহে শৰাইঘাট দলঙৰ সম্পূৰ্ণ মেৰামতিৰ কাৰ্য্য নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পন্ন হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰি নতুন দলঙৰ ওপৰত যাতে পানী জমা নহয় সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা হাতত লৈ ৰাজ্যবাসীৰ বাবে যাতায়ত সুচল কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰ, প্ৰশাসনক দাবী উত্থাপন কৰিছে ।

Related Articles

Leave a Reply

Close