অসমশীৰ্ষ

বালিপৰাত সাংবাদিক, আছু নেতাক সম্বৰ্ধনা

চাৰিদুৱাৰত বিহু নৃত্য কৰ্মশালাৰ সামৰনি অনুষ্ঠান

প্ৰথম খবৰ, বালিপৰা ২০ এপ্ৰিল:-

শোণিতপুৰৰ অসম অৰুনাচল সীমান্তৱৰ্ত্তী ক্ষুদ্ৰ ভাৰত খ্যাত চাৰিদুৱাৰত বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনা,বালিপৰা উন্নতি সভাৰ উদ্যোগত যোৱা ১ এপ্ৰিলৰ ‘ৰ পৰা ‍১৫ এপ্ৰিলৈকে অনুষ্ঠিত হৈ থকা বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালাৰ শুকুৰবাৰে সামৰনি পৰে। পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত কৰা এই কৰ্মশালাখনিত অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ন নিৰ্বিশেষে প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে। চাৰিদুৱাৰৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত হৈ থকা কৰ্মশালাৰ সামৰনি অনুষ্ঠানত বৃহত্তৰ চাৰিদুৱাৰৰ অঞ্চলৰ বহুকেইটা জনগোষ্ঠিয় দলে স্বকীয় কৃষ্টি প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক আপ্লুট কৰি তোলে । অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়াই আঁত ধৰা এই বাৰেৰহনীয়া কৃষ্টি সমাৰোহখনিত মূখ্য অতিথি ৰূপে উপস্থিত থাকে জাতিয়তাবাদৰ অন্যতম বলিষ্ঠ কন্ঠ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈ, কেন্দ্ৰীয় সমিতিৰ সহ: সাধাৰন সম্পাদক দুলদুল বৰকটকী, শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ,অভিনেত্ৰী তৃষ্ণা কুৰ্মী চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্য কমল বৰাকে প্ৰমূখ্য কৰি কৰি আছুৰ বহুকেইজন কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া।”বিজেপি চৰকাৰ অসমীয়া বিৰোধী জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহন কৰা অসমৰ কেইবাজনো বিশিষ্ট সাংবাদিকৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ে গ্ৰহন কৰা পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে অসমৰ যি সংস্কৃতিৰ পথাৰত একাংশ প্ৰভ্যত্ববাদী শক্তিয়ে নিশেষ কৰিবলৈ কৰা চেষ্টাক ৰোধ কৰিবলৈ অনুষ্ঠানত উপস্থিত সকলোকে আহ্বান জনাই লগতে বৃহত্তৰ অসমীয়া জাতিলৈ যিমানেই বতাহ,ধুমুহা নাহক লাগিলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয়,জাতীয় জীৱনলৈ অহা সকলো বাধা বিধিনি তথা বৃহত্তৰ অসমীয়া জাতিতোৰ সৰ্বকালৰ অধিকাৰ,আত্ম নিয়ন্ত্ৰন,অসমৰ লোক সংস্কৃতিৰ পথাৰখনক কোনো কাৰনত যাতে বিদেশী শক্তিৰ হাতত যাবলৈ দিয়া ন’হব সেইহে সকলো ৰাইজে সমন্বয় আৰু ঐক্যবদ্ধভাৱে পণ ল’বলৈ আহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে। উক্ত অনুষ্ঠানখনিত বৃহত্তৰ বালিোৰা অঞ্চলটোৰ ১৮ জনকৈ চিকিৎসকক সম্বৰ্ধনা জনোৱাৰ লগতে বিষেশভাৱে DY 365 ৰ যুৱ সাংবাদিক চিত্ৰৰঞ্জন নাথক এখন সম্বৰ্ধনা পত্ৰ,এখন গামোচা ,চাহপাতৰ টোপোলা আৰু এটা গছপুলৰে সম্বৰ্ধনা জনোৱা হয়। লগতে কৰ্মশালাত অংশগ্ৰহন কৰা সমূহ প্ৰশিক্ষাৰ্থী,আৰু প্ৰশিক্ষক সকলক একোখনকৈ অংশগ্ৰহনৰ প্ৰমান পত্ৰ প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Close