অসমশীৰ্ষ

বিহুৰ উৰুকাত মত্‍স্য চিকাৰৰ পৰম্পৰা

আজি উৰুকা। কাইলৈ গৰু বিহু। গৰুবিহুৰ আগদিনাই ৰঙালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱৰ চকলাঘাটৰ দিঘলী বিলত সমূহীয়া মৎস্য চিকাৰ ১৪/১৫ খন গাঁৱৰ ৰাইজে । বিলৰ পানী আৰু পাৰত জনতাৰ পাৰভঙা উছাহ । নগাঁও জিলাৰ হাতীচোং মৌজাৰ সহস্ৰাধিক ৰাইজে জাল , পল’ , জুলুকি লৈ নামি পৰিল মৎস্য চিকাৰত । যি নান্দনিক দৃশ্য উপভোগ কৰিবলৈ বিলৰ পাৰতো উবুৰি খাই পৰিল শ শ লোক । উল্লেখ্য যে , প্ৰতিবছৰেই ৰঙালী বিহুৰ উৰুকাৰ দিনটোত এনেদৰে সমূহীয়াকৈ মৎস্য চিকাৰ কৰা হয় ঐতিহাসিক দিঘলী বিলত । কেৱল দীঘলী বিলেই নহয়, ৰাজ্যৰ বহুস্থানত এইদৰে গৰুবিহুৰ আগদিনা অৰ্থাত্‍ উৰুকাৰ দিনা সমূহীয়া মত্‍স্য চিকাৰৰ পৰম্পৰা আজিও ধৰি ৰখাৰ পৰম্পৰা আছে। (বাতৰি, ফটোঃ জ্যোতি প্ৰসাদ বৰাৰ সৌজন্যত)

Related Articles

Leave a Reply

Close