অসমশীৰ্ষ

বিহু গ’লে বিনাবা কাক

* দেৱাশ্ৰী দেৱী *

“বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত,
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ’লে বিনাবা কাক।”

বাপতি সাহোন, অসমীয়াৰ হিয়াৰ আমঠু চেনেহৰ ৰঙালী বিহু। ঋতুৰাজ বসন্তৰ পৰশত প্ৰকৃতিয়ে নিজকে ন-সাজেৰে সজাই তোলে। নাহৰ, তগৰ,কপৌ জুপিও ৰঙতে উতলা হয়। চৌদিশে আবিৰ সানি আকৌ এবাৰ ব’হাগ আহিছে। ভৰ যৌৱনা হৈ পৰা ব’হাগীক আদৰিবলৈ সাজু হৈ পৰে সকলো। দূৰৰপৰা ভাঁহি অহা কুলি-কেতেকীৰ অমিয়া সুৰ, ধিনিকি ধিনদাও ঢোলৰ মাতৰ লগতে ম’হৰ সিঙৰ পেঁপাটিৰ সুললিত ধ্বনি, খিতিক খিতিক মাঁকোৰ মাত আৰু সন্মুখৰ বিস্তৃত সেউজীয়াই লৈ আহে ব’হাগীক। পুনৰবাৰ বসন্তৰ পৰশে পৰশাই তোলে পিৰালিৰ ৰাঙলী ব’হাগীক।

চৌদিশে সৃষ্টিৰ মালিতা সিঁচি ব’হাগ আহিছে। আমি অসমীয়া জাতি ব’হাগৰ প্ৰেমিক। ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰেই

“ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ।”

লোক সংস্কৃতিৰ অন্তৰ্গত লোকগীতসমূহৰ এটা ভাগ হ’ল ‘বিহুনাম’সমূহ। গাঁৱে গাঁৱে হুঁচৰি গোৱাৰ বেলিকা প্ৰথমেই ঈশ্বৰ, দেৱ-দেৱী তথা গাঁৱৰ মুখীয়ালজনক উদ্দেশ্যি এনেদৰে গোৱা হয়-

” প্ৰথমে প্ৰণামো আই সৰস্বতী
দ্বিতীয়ে প্ৰণামো হৰি,
তৃতীয়ে প্ৰণামো গাঁৱৰ বুঢ়া-মেথা
ধৰি যাওঁ নামৰে গুৰি।”

আকৌ এনেদৰেও গোৱা হয়-
“আহা আইদেউ এ আইদেউ আহা নাচি নাচি
নাচা আইদেউ এ আইদেউ
নাচা ঘূৰি ঘূৰি,
ৰাইজলৈ জনোৱা সেৱা হে।”

তাৰ পাছত গৃহস্থ, মান্যজনক উদ্দেশ্যি গোৱা হয়-

“দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ
শয়ন খেৰে মেলি চাই,
ন শ গাঁঠনি মুগাৰে বতীয়া
সৰিয়হ পিছলি যায়।”

ইয়াৰ পিছতে হুঁচৰি ঘোষা হিচাপে গোৱা বিহুনাম এফাঁকি এনেধৰণৰ-

“দেউতাৰ পদূলিত
গোন্ধাইছে মালতী
কেতেকী মলেমলাই
ঐ গোবিন্দাই ৰাম।

সৰু সূতাৰ চেলেঙখনি
বৈ দিয়া সৰু ভনী
হুঁচৰি গাবলৈ যাওঁ
ঐ গোবিন্দাই ৰাম।।”

আহোম সমাজত প্ৰচলিত কিছুমান শব্দও বিহুনামসমূহত প্ৰকাশ পায়-
“স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে
দুলিয়াই পাতিলে দোলা,
কাণত জিলিকিলে নৰা-জাংফাই
গাত গুমচেঙৰ চোলা।”

ইয়াৰ উপৰি ঢোল-পেঁপা আদি বাদ্যসমূহক লৈও বিহুনাম গোৱা হয়-
নাহৰ পাত ওলাবৰ থিয় সমনীয়া
নাহৰ পাত ওলাবৰ থিয়,
লগৰ সমনীয়াই পেপাঁটি আনিছে
উলিয়াই নবজাই কিয়।”

“দূৰতে শুনিলো সুৰতে বুজিলো
মোৰ ধনে গগনা বাই,
কিনো অমাতৰ মাত মোৰ চেনাই ঐ
বুকুৱে সৰকি যায়।”

কিছুমান বিহু নামৰ মাজেৰে হাস্যৰস প্ৰকাশিত হোৱাও দেখা যায়। তেনে এটি বিহুনাম এনেধৰণৰ–
“হুঁচৰি এ দ’লৰ চৰাই
তামোল থুকি, পাণ গুচি
ৰূপৰ শৰাই।
হুঁচৰি বাই ঔ চেপা নিলে চোৰে
কেনেকৈনো পাতিছিলি বাপেৰে পুতেৰে।
পাতিছিলো পাতিছিলো জেং জাবৰ দি
চুৰে আহি লৈ গ’ল
মই কৰিম কি।”

বসন্তই যেন লৈ আহে প্ৰেম-ভালপোৱাৰ জোৱাৰ। হৃদয়ৰ সেউজীয়া দলিচাৰে আগুৱাই আহে প্ৰেমাস্পদৰ প্ৰেমগাথা। ডেকা-গাভৰুৰ মন প্ৰাণ পোহৰাই তুলি জীৱনৰ কোঁহে কোঁহে সিঁচি দিয়ে এবুকু আশা, সীমাহীন সপোন…

বিহুনামসমূহৰ মাজেৰেও প্ৰেমাস্পদৰ মনৰ ভাৱৰ অসদান প্ৰদান হয়-

“জোকাৰি বাই যাম বীণ ঐ লাহৰী
জোকাৰি বাই যাম বীণ,
তোমাৰে পদূলিত তামোলটি কাটি যাম
বাকলি থৈ যাম চিন।”

প্ৰত্যুত্তৰত গাভৰুজনীয়ে এনেদৰে গায়-

“হাঁচটি লাহৰে টেমিটী কাঁহৰে
কটাৰী ম’হৰ শিং।

আমাৰে পদূলিত তামোল নাকাটিবা
বাকলিত নথবা চিন।”

বিহুনামৰ মাজেৰেই আশীৰ্বাদো প্ৰকাশ পায়। সুৰীয়াকৈ গৃহস্থৰ মংগল কামনা কৰি আশীৰ্বাদ দিয়া হয় এনেদৰে-
“এটা বাতিত নহৰু এটা বাতিত পনৰু
এটা বাতিত খুতুৰা শাক,
মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক।”

আহঁতৰ তলত সপোনে কুঁহিপাত মেলে। পিৰালিত বাখৰুৱা ব’হাগ, হৃদয়ত হেঁপাহৰ জোৱাৰ, বুকুত অনামী আশা। নাহৰ, তগৰ, কপৌৱে ব’হাগীক আদৰে; মন-প্ৰাণ পুলকিত কৰি ব’হাগীও আহে সৃষ্টিশীলতাৰ বতৰা লৈ অসমীয়া জাতিৰ হৃদয়ত সেউজীয়াবোৰে সিঁচিবলৈ।

“আজি বিহু বিহু কালি বিহু বিহু
কেতিয়া ফুলিব নাহৰ,
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ।”

Related Articles

Leave a Reply

Close