অসমশীৰ্ষ

ভাইৰেল নৃত্যঃ অৰ্ধ উলংগ নিৰ্বাচনী নৃত্যক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

প্ৰথম খবৰ, বৈঠালাংছু-
নিৰ্বাচনী সভাত নৃত্য পৰিৱেশন কৰি চৰ্চিত হৈছে অসম বিজেপিৰ একাংশ কৰ্মী। অৰ্ধ উলংগ হৈ কাৰ্বি আংলঙত নিৰ্বাচনী গীতত নৃত্য কৰি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈ পৰিছে কেইজনমান বিজেপিৰ যুৱক। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ স্বায়ত্তশাসিত সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী বীৰেণ সিং ইংতিক কটাক্ষ কৰি ৰচনা কৰা এটি গীতত নৃত্য কৰিছে। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি ৰচনা কৰা কথাংশত ৯ জন বিজেপিৰ যুৱকে মূৰত বিজেপিৰ গেৰুৱা টুপী আৰু কলা চশমা পৰিধান কৰি এই নৃত্য কৰিছে। গীতৰ কথাংশ এনেধৰণৰ- ‘শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, গাদীত বহি শুই থকা এমপি আমাক নালাগে।’ উল্লেখ্য যে, এই গীত চলি থকা সময়ত মঞ্চত আছিল বিজেপিৰ প্ৰাৰ্থী হৰেন সিং বে’। আনপিনে, এই অৰ্ধউলংগ গীত নৃত্যই এতিয়া খলকনি তুলিছে ছ’চিয়েল মিডিয়াত।

Related Articles

Leave a Reply

Close