অসম

মঙলদৈ সংসদীয় সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া অলেখ ভোটৰ ব্যাৱধানত বিজয়ী হ’ব ঃ হাগ্ৰামা মহিলাৰী ৷

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি :- অৱশেষত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিজিপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত । নিৰ্বাচনী সভাত দি গ’ল বহুমূলীয়া ভাষণ মহিলাৰীয়ে । এইবাৰ হেনো বিজেপিক ভোট দিব লাগে সকলোৱে । কেৱল কেন্দ্ৰত আকৌ এবাৰ মোডী চৰকাৰ নহয়, ৰাজ্যতো আকৌ এবাৰ সৰ্বা চৰকাৰ হ’ব লাগে এই বুলি কৈ হাগ্ৰামাই ৷বড়ো ভাষাতো মঙলদৈ লোকসভা সমষ্টিত দিলীপ শইকীয়াক ভোট দিবলৈ আহ্বান জনালে হাগ্ৰামা মহিলাৰীয়ে । (আজি)বুধবাৰে ডিমাকুছিত নিৰ্বাচনী সভাত ভাগ ললে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী লগতে ৰাজ্যসভা সাংসদ বিশ্বজিত দৈমাৰী,পানেৰীৰ বিধায়ীকা কমলী ৰাণী বসুমতাৰী,বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়ো ,ননৈ ছেৰফাং সমষ্টিৰ এম চি এল এ সুৰেশ তাঁন্তী নিৰ্বাচনী সভাত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মঙলদৈ লোকসভাৰ অন্তৰ্গত ডিমাকুছিত নিৰ্বাচনী প্ৰচাৰ চলাই বি টি চিৰ এই সকল তাৰাকাই। হাগ্ৰামা মহিলাৰীয়ে স্বভাৱসুলভ ভাৱে ব্যংগাত্মক ভাষণেৰে ৰাইজক আপ্লুত কৰি কয় মঙলদৈ সংসদীয় সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়া অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হ’ব ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা আৰু এবছু সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক বিটিএডিবাসী ৰাইজে ইতিমধ্যে মনৰ পৰা বিদায় দিয়া বুলি ব্যক্ত কৰে ৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে আন জনজাতিসকলৰ কোনো ক্ষতি নহয় বুুুলি মন্তব্য কৰি এবছু আৰু ইউপিপিএল দলেহে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি অহা বুুুুলি অভিযোগ কৰে ৷ অসমত বসবাস কৰা গোৰ্খাসকলকো অসমত জনজাতি
ৰ মৰ্যাদা প্ৰদানৰ বাবে বিপিএফ দলে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা বুলি বিটিচি প্ৰধানজনে সভাত প্ৰকাশ কৰে ৷ এনডিএফবি সংবিজিত গোটকো
আলোচনালৈ আনি এনডিএফবিৰ আটাইকেইটা গোটৰ সৈতে একেলগে চুক্তি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহা বুলি প্ৰকাশ কৰে ৷ বিটিচি চুক্তিৰ পূৰ্বৰে পৰা বিটিএডিত বসবাস কৰা সকলো ৰাইজেই বিটিচিবাসী ইয়াত কোনো শংকা কৰাৰ দৰকাৰ নাই বুলি দৃঢ়তাৰে কৈ যিদলে চৰকাৰ চলাই আছে সেই দলকে জয়যুক্ত কৰি চৰকাৰ গঠনৰ সুবিধা দিব লাগে ৷ ৰাইজে এইক্ষেত্ৰত কোনো ভুল নকৰিব বুলি ৰাইজক একপ্ৰকাৰ সকিয়াই দিয়ে ৷ কুমুদ কছাৰীয়ে সঞ্চালনা কৰা সভাৰ উদ্ধোধন কৰে পানেৰী সমষ্টিৰ বিধায়িকা কমলী ৰাণী বসুমতাৰীয়ে ৷সভা কেইবাটাও সংগঠনৰ নেতা-কৰ্মীৰ লগতে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কেবাগৰাকী লোকে বিপিএফত যোগদান কৰে ৷

Related Articles

Leave a Reply

Close