অসমশীৰ্ষ

সংবিধানবিৰোধী কাৰ্যকলাপৰ অভিযোগত আক্ৰাছুৰ ২ নেতা অপসাৰিত

আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, উপ সভাপতি মুকুল বৰুৱাক বৰ্খাস্ত

হিল্লোল তালুকদাৰ, প্ৰথম খবৰ, বৰপেটা: আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক সামায়িকভাৱে অপসাৰণ। আক্ৰাছুৰ উপ সভাপতি মুকুল বৰুৱাকো বৰ্খাস্ত। এই ঘোষণা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ।

কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই ঘোষণা কৰে আক্ৰাছুৰ সভাপতিগৰাকীয়ে। সংবাদমেলত আক্ৰাছুৰ ১৪খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ। 

সংবিধানবিৰোধী কাৰ্যকলাপৰ বাবে উক্ত সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰে তেওঁ। নৱ কুমাৰ শৰণীয়াৰ প্ৰতি সমৰ্থন অব্যাহত থকাৰ ঘোষণা আক্ৰাছুৰ।

Related Articles

Leave a Reply

Close