অসমশীৰ্ষ

সাংবাদিকক আক্ৰমণ, তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ,নলবাৰী, ২৬ এপ্ৰিল – নলবাৰী জিলাৰ মুকালমুৱাৰ দৈনিক অসমৰ স্থানীয় সাংবাদিক ৰাজেন দাসক যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া নিজ গৃহৰ সন্মুখতে বেয়াকৈ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই সমগ্ৰ নলবাৰী জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি সাংবাদিক গৰাকীৰ আক্ৰমণক ধিক্কাৰ দি নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰেছ ক্লাৱ, নলবাৰী প্ৰেছ ক্লাৱ, আপকুৰ জিলা সমিতি আৰু সচেতন নাগৰিকৰ সহযোগত নাট্য মন্দিৰ প্ৰাংগনত এক ঘন্টীয়া প্ৰতিবাদী অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয় । অনুষ্ঠানত জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা,সম্পাদক বসন্ত দাস, সুভাষ ডেকা, জিলা প্ৰেছ ক্লাৱৰ সভাপতি কমলেশ শৰ্মা, প্ৰধান সম্পাদক ব্ৰজেন তালুকদাৰ, নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক মজিবুৰ ৰহমান, আপকুৰ জিলা সভাপতি অৰুপ ৰঞ্জন বৰ্মন, সাংবাদিক সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কিশোৰ কলিতা, আছু নেতা অক্ষয় ডেকা, নিলকমল বৰ্মন, কবি প্ৰণৱ কুমাৰ বৰ্মন, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ, বৰভাগ প্ৰেছ ক্লাৱ, পশ্চিম নলবাৰী,প্ৰেছ ক্লাৱ, ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ প্ৰতিনিধি, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিৰ লগতে সচেতন নাগৰিকে অংশ গ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিটো সংগঠনৰ নেতৃত্বই মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণক গৰিহণা দি নিজৰ ভাষনত কয় যে – গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এয়া বৰ্বৰ আক্ৰমণ । ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ বাবে চৰকাৰ, নলবাৰী জিলা প্ৰশাসনক দাবী জনাইছে । অন্যথা তীব্ৰ গনতান্ত্ৰিক আন্দোলনৰ সকিয়নী দিয়ে । সংগঠন সমূহে অভিযোগ কৰা মতে শাসকীয় দল বিজেপিৰ এগৰাকী ধুৰন্ধৰ লোকে সাংবাদিক ডেকাক আক্ৰমণ কৰিছে এটি বাতৰি প্ৰকাশৰ বাবে । তদুপৰি তিনচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামীৰ আক্ৰমণকো গৰিহণা দিয়ে । ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ কাৰ্যালয়ত সংগঠনটোৰ জিলা সভাপতি মনোৰাম কলিতা , সাধাৰণ সম্পাদক নিৰোদ দাসৰ নেতৃত্বত লগতে জিলা খনৰ বিভিন্ন আঞ্চলিক সমিতিয়ে নিৰ্দিষ্ট ঠাইত কলা বেজ পৰিধান কৰি সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণ কৰা দুৰ্বৃত্তক আটক কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে ।
উল্লেখযোগ্য যে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘটনাৰ সবিশেষ অৱগত হৈ তদন্ত ঘোষনা কৰিছে আৰু প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । আনহাতে ঘটনা সন্দৰ্ভত মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ইত্যাদি ৰাজ্যৰ আৰক্ষী প্ৰধান কুলধৰ শইকীয়াৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । মনকৰিবলগীয়া যে সম্প্ৰতি সাংবাদিক ৰাজেন ডেকা জি এম চি এইডচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

Related Articles

Leave a Reply

Close