অসমনিবন্ধযুৱশীৰ্ষ

১৮ বছৰৰ ওপৰৰ সকলৰ বাবে পৰাগমণি আদিত্যৰ লেখা

পৰাগমণি আদিত্যৰ কলম

Strict age restricted post only for 18+
এইটো লেখা ১৮ বছৰৰ ওপৰৰ সকলৰ বাবেহে৷

এই ৰচনাখন কেতিয়াও লিখিবলৈ বিচৰা নাছিলো। কিন্ত নিলিখিলে অন্যায় কৰা হ’ব বুলি যোৱা কেইটামান দিনত দেখি অহা ঘটনাসমূহৰ পৰিপ্ৰেক্ষিত্বত লিখি উলিওৱাৰ সিদ্ধান্ত ল’লো। অনুচিত বুলি ভাবিলে জনাব।

গণ্ডাই গণ্ডাই বলাৎকাৰীৰ সৃষ্টি হৈছে কেনেকৈ
———-//////—-///////———
দুবছৰমানৰ আগতে এবাৰ মাঘৰ বিহুৰ উৰুকাৰ বাবে মাছ ধৰোতে কেইটামান মাছ বেছিকৈ ওলাল। মাছ ধৰাৰ চখত মাজনিশাই পুখুৰী পাইছিলোগৈ। মাছ কেইটা ধৰাৰ পিছত অথন্তৰ লাগিল। ভালেমান মাছ! নষ্ট হ’বলৈ দিব নোৱাৰি। নগাঁৱৰ মাছৰ পাইকাৰী বজাৰত থকা কাটাৰ গৰাকী মোৰ ভাতৃপ্ৰতীম বন্ধু। বিয়াই সবাহে মাছ লাগিলে তেওঁ একমাত্ৰ ভাৰষা। উচিত দামত ভাল মাছ।

নিশাই ফোন কৰিলো। তেওঁ সমিধান দিলে।
:মাছ কাটালৈ লৈ আনক!

ষ্টেণ্ডৰ পৰা আগতীয়া বন্দোবস্ত কৰি পুৱা চাৰে তিনিবজাত পোৱাকৈ গাড়ী এখন যোগাৰ কৰা হ’ল। মিনি পিক আপ ভেন।

পুৱতি নিশা চাৰে তিনিমান বজাতে সৰু পিক আপ এখন আহি পালেহি। চেঙেলীয়া ডেকা এটাই গাড়ীখন চলাই আনিছে।

সকলোৱে ধৰাধৰি কৰি মাছখিনি সজাৰ জীয়নাৰ পৰা গাড়ীত তুলিলে। বজাৰলৈ যোৱাৰ সময় হোৱাত মই গাড়ীত বহিলোহি। ভাবিলো বজিৰখন চাই আহো।

পিক আপ ভেনখনৰ ড্ৰাইভাৰ কেবিনতে কোনোমতে বহিলো। মোৰ জোখৰ মানুহৰ বাবে এই কেবিন নহয়। তথাপিও কুছি মুছি বহাৰ পিছত গাড়ী ষ্টাৰ্ট কৰিলে।

স্বয়ংক্ৰিয়ভাবে কাৰ টেপটো ফুল ভলিউমত বাজি উঠিল। মোৰ বূজিবলৈ কেইমুহূৰ্তমান লাগিল। বাংলা গান। যৌন উত্তেজক অশ্লীল গীত। আকস্মিকভাৱে এই পৰিস্থিতিত পৰি মই নিজেই অপ্ৰস্তত হৈ পৰিলো। ল’ৰাটোও সম্ভৱ অপ্ৰস্তত হৈছিল। গানটো বন্ধ কৰিবলৈ দিলে।

গান শুনি ভাল পাওঁ। বাংলা গান প্ৰিয়। কিন্তু ইমান অশ্লীল গীত থাকিব পাৰেনে? তাকো formal production. সংগীত ব্যবস্থাপনা ভাল, উচ্চ মানৰ। গায়ক-গায়িকা দুয়োৰে কন্ঠস্বৰ ভাল। কেৱল গীতৰ কথা অশ্লীল। অশ্লীলতকৈ বেছি। বান্ধবীক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহ্বান জনাই প্ৰৰোচিত কৰিছে।

কথিত বাংলা ভাষাৰ শব্দবোৰ ব্যবহাৰ কৰিছে। এইটোৰ তুলনাত আমাৰ ‘বিলাহী’ ‘হেৰি’ বহু মাৰ্জিত যেন লাগিব। নিষিদ্ধ পৰ্ণগ্ৰাফিক কিতাপ আলোচনীত এই শব্দবোৰ ব্যৱহাৰৰ হয়। পুৱাই মনটো বেয়া লাগি গ’ল। বেয়া মানে বিতৃষ্ণা। পুৱাৰ গীত মানেই বৰগীত। লঘূ মিউজিক। সংস্কৃত বন্দনা। ৰেডিঅ’ আৰু দুৰদৰ্শনৰ প্ৰভাৱত ডাঙৰ হোৱা সকলে ইয়াৰ ব্যতিৰেক চিন্তা কৰিব নোৱাৰে।

ল’ৰাটোৰ সন্দেহ হ’ল। মোৰ পৰিচয় সুধিলে- আপুনি ফিছাৰীৰ মালিক নে কি?

কথা পতাৰ কোনো আগ্ৰহেই নাছিল। তথাপিও উত্তৰ দিলো; মিছাকৈয়ে- নহয়।

: ইয়াত থাকে নে কি?
: নাথাকো।
: আপোনাৰ ঘৰ ক’ত?
মই এটুকুৰা ঠাইৰ নাম কলো। সংখ্যালঘূ লোকে বসবাস কৰা এখন গাঁৱৰ নাম। আচলতে তাক মোৰ নামটো ক’বলৈও লাজ লাগিছিল। তেতিয়াও কাণ মূৰ গৰম হৈ আছিল। এনেয়ো ছেক্স মেনিয়াক শ্ৰেণীটোৰ প্ৰতি অত্যন্ত ঘৃণা আছে।

আৰু কেবাটাও প্ৰশ্ন সুধি সি নিশ্চিত হ’ল-মোৰ পৰা চিন্তা কৰিবলগীয়া নাই।

এইবাৰ মই কেইটামান প্ৰশ্ন সুধিলো। নাম, ঘৰ, ঘৰত কোন কোন আছে, ফুকলীয়া যদিও বিয়া পাতিলেনে নাই। কিমান দিনৰ পৰা গাড়ী চলাইছে।

এইবাৰ আচল প্ৰশ্নটো সুধিলো। গানটো ক’ত পালে? ক’বলৈ বিচৰা নাছিল। বহু কায়দা কৰি সোধাৰ পিছত জনালে- তাহাতৰ ফালে পেন ড্ৰাইভ আৰু মেমৰী কাৰ্ড কিনিবলৈ পায়। সি এটা মেমৰী আৰু এটা পেন ড্ৰাইভ কিনিছে।

অবধাৰিতভাবে ভঙা ভঙা বাংলাত কথা পাতিছিলো। সি তাৰ ভাষাত উত্তৰ দিছিল।

মই আচৰিত হৈ পৰিলো। কথাবোৰ আৰু জানিবৰ মন গ’ল। এসময়ত মই নিজে কাৰ টেপটো বজাই দিলো। কেবাটাও অশ্লীল গান শুনিলো। কেইটামান অডিঅ’। বাংলা অশ্লীল কাহিনী পাঠ। কেইটামান কল ৰেকৰ্ডিং। ছেক্স চাট।

তাৰ মোবাইলত আছে ‘১৫০০ টকীয়া’ মেমৰী কাৰ্ড। ডাঙৰ ডিছপ্লে থকা সস্তীয়া চাইনীজ ফোন।

ফোনটো দিবলৈ বিচৰা নাছিল। এশ টকা দিম বলি কোৱাটো দিবলৈ বিচৰা নাছিল। বহু যত্নৰে ফোনটো লৈ মেমৰী পৰীক্ষা কৰাত লাগিলো। দুই জিবিৰ পৰ্ণ ভিডিঅ’। এডাল্ট কন্টেন্ট। আৰু অডিঅ’। বেছিভাগ বাংলাদেশৰ প্ৰডাকচন। কেইটামান পাকিস্তানৰ আৰু কেইটামান ভাৰতৰ। ভালেকেইটা অসমৰ। বাংলা, হিন্দী, অসমীয়া।

বিতৃষ্ণা বাঢ়ি আহিছিল। এক প্ৰকাৰ ঘৃণা উপজিছিল। আগনিশা ওৰেটো ৰাতি বিহু, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা শুনিছো। বাংলাৰ অৰ্ণব শুনিছো।

পুৱাই কি শুনিছো!

ইতিমধ্যে নগাঁও পাইছিলোগৈ। মাছখিনি কাটাত চমজি লৈ মোক আজৰি কৰি দিলে। ঘূৰি অহাৰ পথত আকৌ কথা পাতিলো।

মুকলি হ’ল এখন নতুন দুনীয়া। এইখন অসমতে।

নিজৰ টেষ্ট অনুসৰি ভিডিঅ’ লব পাৰে। ৰেপ ভিডিঅ’ৰ ডিমাণ্ড বেছি। লোকেল হ’লে বেলেগ দাম। এক্ট্ৰেছ আদি হ’লে বেলেগ দাম। নতুন হ’লে এটা ভিডিঅ’ত দুশ টকা পৰ্যন্ত লয়।

যি বুজিলো সাধাৰণতে মবাইল মেৰামতি কৰা, মবাইল আদি বেছা দোকানৰ পৰা বেছে। ডাঙৰ বজাৰ আৰু দোকানী লাখপতি।

সি আনলাইন প’ৰ্ণগ্ৰাফীৰ কথা বিশেষ নাজানে। তাৰ মবাইলটোত টুজী ছিম। নেট আছে। হোৱাটছএপ আছে।

তেতিয়া ফ’ৰ জি নগাঁৱত ৰোল আউট হোৱাই নাছিল। থ্ৰী জিও সীমিত।

তাৰ ফোন নম্বৰটো লৈ মই বাটতে নামি দিলো। চিধাই ঘৰলৈ আহিলো। বিহু বুলি দুদিনমান তেনেকৈয়ে গ’ল।

গুৱাহাটীলৈ গৈয়ে দুদিনমানৰ পাছত মই কেবাটাও ভিডিঅ’ ডাউনলোড কৰি হোৱাটছআপত তালৈ পঠিয়াই দিলো। সি পঢ়িব নাজানে। মই এটা ভয়চ মেছেজো পঠিয়ালো ডাউনলোড কৰি চাবলৈ।

ডাইনলোড কৰি চালে। মই পিছদিনা ফোন কৰি সোধাত ভিডিঅ’ কেইটা ভাল নাপালে বুলি ক’লে।

অতি আচৰিত। সুধি সুধি যি উত্তৰ পালো তাৰ পৰা স্পষ্ট হ’ল- ভালগাৰ কন্টেন্টহে সিহঁতে বিচাৰে।

পিছৰবাৰ মাছ ধৰিবলৈ গৈ আকৌ মাতিলো। এইবাৰো মই নিজে গ’লো। মাছ বেছাটো উপলক্ষহে।

মাছ বেছি হোৱাৰ পিছত মিনি ভেনত উঠি তাৰ গাওঁ পালোগৈ। ১৫০০ টকা দি এটা মেমৰী কাৰ্ড কিনি আনিলো তাৰ হতুৱাই।

মোৰ মিছন প্ৰায় সফল। বিষয়টো স্পষ্ট হৈ পৰিল। কেনেকৈ ছেক্স মেনিয়াক শ্ৰেনী এটাৰ সৃষ্টি হৈছে। বাংলাদেশৰ পৰা কন্টেন্ট আহে। নৰ্তকী আহে। দুৰ্গম স্থানত পাৰফ’ৰমেন্স হয়। অবাধ যৌনতাৰ প্ৰদৰ্শন। এইটো অসমত নতুন ট্ৰেণ্ড। মই পিছত তেনে ভিডিঅ’ ভালেকেইটা দেখিলো।

সিহঁতে সেয়া লৈয়ে ব্যস্ত থাকে। মানুহ ওচৰত থাকিলে হেডফোন লৈও শুনে। দিন ৰাতি কথা নাই। ‘ভাল’ ভিডিঅ’ ইটোৱে সিটোক দিয়ে। যাৰ দামী মবাইল তাৰ বেছি ভিডিঅ’। কেইবাটাই মিলিও কিনে। আজিকালি বোলে মেমৰী কপি কৰিব নোৱাৰা কৰিও দিয়ে।

গোপনে এই বজাৰ চলিছে। বজাৰখনে সাৰ্বজনীন ৰূপ লৈছে। হাতে হাতে ম’বাইল। ফ’ৰ জি।

বলাৎকাৰীৰ সৃষ্টি হৈছে। গণ্ডাই গণ্ডাই।

লাহে লাহে ই ধৰ্মনিৰপেক্ষ চৰিত্ৰ লোৱাৰো উমান পাইছো। বলাৎকাৰীৰ ধৰ্ম নাই।

লোকেল লীকড ভিডিঅ’, লাইভ, ৰেপ, ভালগাৰ ভিডিঅ’ৰ দাম বেছি। কমবয়সীয়া আদিৰ বেলেগ ৰেট। সেয়ে ৰেকৰ্ডিঙো কৰে এনে অপকৰ্মৰ।

সিহঁতৰ মতে ৰেকৰ্ডিং থাকিলে কেছ নিদিয়ে। ভিডিঅ’ ‘পাব্লিক কৰাৰ’ ভয়ত।

বিপদ আহি আছে!!!

Related Articles

Leave a Reply

Close