অসমশীৰ্ষ

6.1 প্ৰাবল্যৰ ভূমিকম্পক লৈ ৰাজ্যত মাজ নিশাৰ আতংক

কাঞ্চন গোহাই, প্ৰথম খবৰ:
নিশা 1:45 বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত৷ ৰিখতাৰ স্কেলত 6.1প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত অসম তথা উত্তৰ পূৱ, বংগ, ভূটান, ম্যানমাৰ, বাংলাদেশতো জোকাৰণি৷ জোনাইৰ পৰা ৯৮ কিলোমিটাৰ উত্তৰে অৰুণাচলৰ পশ্চিম চিয়াঙৰ ভূগৰ্ভৰ দুই কিলোমিটাৰ আভ্যন্তৰত ভূমিকম্পটোৰ অভিকেন্দ্ৰ৷
এই কম্পনৰ প্ৰভাব পৰা অঞ্চল সমূহ হ’ল ডিব্ৰুগড় ,তিনিচুকীয়া ,দুলীয়াজান ,গহপুৰ ,যোৰহাট ,বুধবৰীয়া,লহিং ,নগাঁও , তেজপুৰৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো এক মৃদু কম্পনৰ উদ্ভব হয় ৷ বৰ্তমান অৱস্থালৈ এই ভূকম্পনৰ ফলত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই যদিও সমগ্ৰ ৰাজ্যত এই কম্পনে এক আতংকময় পৰিবেশে বিৰাজমান কৰিলে৷

Related Articles

Leave a Reply

Close