অসমশীৰ্ষ

BJPৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ প্ৰচাৰ সভাতে দিলে BJP গ’বেক ধ্বনি

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি

ওদালগুৰিৰ ভেৰগাঁত বিজেপিৰ বেয়া দিন ছলিছে ৷কেতিয়াবা যদি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত নোহোৱাত বাতিল হৈছে সভা ৷
কেতিয়াবা আকৌ বতৰৰ বিধিনিৰ বাবে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ সলনি কৰিবলগীয়া হৈছে গেৰুৱা বাহিনীৰ কাৰ্যালয় ৷কেতিয়াবা আকৌ বিজেপিৰ প্ৰচাৰ সভাত বিজেপি গ’ৱেক ,বিজেপি মুৰ্দাবাদ ধ্বনি ৷

হয় আপুনি ঠিকেই শুনিছে তেনে এক ঘটনা সংঘটিত হ’ল ওদালগুৰিৰ চিকাৰীবাংলাত ৷

শুক্ৰবাৰে আবেলি মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰিৰ চিকাৰীবাংলাত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ অহা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে ভাষন দি থকা সময়তেই ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ সন্দৰ্ভত উভতি ধৰে আদিবাসী ছাত্ৰ সন্হাৰ নেতৃত্বত বৃন্দই ৷অকল সেয়াই নহয় সভা ছলি থকা সময়তেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰতিবাদ কাৰি সকলে বিজেপি গ’ৱেক ,বিজেপি মুৰ্দাবাদ ,এছি আমাৰ লিগেল দিমান আদি বিভিন্ন শ্লো গানেৰে চিকাৰীবাংলাৰ আকাশ বতাহ কপাই তোলে ৷আনকি প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লে কাৰ্ড,ফ্লেগ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

সভাত বিজেপি নেতা কৰ্মী আৰু AJPৰো নেতা কৰ্মী উপস্থিত আছিল ৷

এনে অৱস্থা দেখি সভাত উপস্থিত থকা বিজেপি আৰু AGPৰ নেতা কৰ্মীয়ে লাজত নাক কোচাবলগীয়া পৰিবেশৰ সৃষ্টি হ’য় ৷

সকলোবোৰ থিকেই আছিল পিছে এনে পৰিস্থিতিত লাজ পাইছে বিজেপিৰ নেতা কৰ্মীয়ে ৷

একাধিক বাৰ বিজেপিয়ে মঙলদৈ সংসদীয় লোক সভা সমষ্টিত সভা পাতি লটিঘটি হৈছে BJPয়ে ৷

ইফালে মন্ত্ৰী ৰিহন দৈমাৰীয়ে মঙলদৈ লোক সভা সমষ্টিত দিলীপ শইকীয়াই শেষ হাঁহি মাৰিব বুলি উল্লেখ কৰি কয় যে অসমত ১০ খন আখন বিজেপিয়ে লাভ কৰিব বুলি দাবি কৰে ৷আনহাতে এবছুৰ সভাপতি প্ৰমোদ বড়োকো তীব্ৰ কটাক্ষ্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

Related Articles

Leave a Reply

Close