অসম

অচিৰেই গুৱাহাটীবাসীয়ে ঘৰে ঘৰে লাভ কৰিব আৰ্চেনিক -ফ্ল’ৰাইডমুক্ত পানী

১০৭ এম এল ডি গুৱাহাটী পানী যোগান আঁচনিৰ কাম ৯০ শতাংশ সম্পাদন।

গেমন কৰ্তৃপক্ষক কামৰ গতি খৰতকীয়া কৰিবলৈ মুখ্যমন্ত্ৰী সোনোৱালৰ আহ্বান।

পঙ্কজ নাথ, চাংসাৰি, ২০ মে :

গেমন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰকল্প ১০৭ এম এল ডি গুৱাহাটী পানী যোগান আঁচনিৰ জৰিয়তে গৰচুক, মালিগাঁৱ, জালুকবাৰী, আজাৰা, মিৰ্জা আদি বিভিন্ন অঞ্চলত ২৪ ঘণ্টাই ঘৰে ঘৰে পানী লাভ কৰিব অঞ্চলবাসীয়ে।বৰ্তমান সময়ত কিছু পানী যোগান আঁচনিৰ জৰিয়তে ৰাইজে পানী লাভ কৰি আছে যদিও সেই পানী সম্পূৰ্ণ আৰ্চেনিক আৰু ফ্ল’ৰাইড মুক্ত নহয়, এই প্ৰকল্পৰ জৰিয়তে যি পানী ৰাইজে লাভ কৰিব সেয়া হব সম্পূৰ্ণ আৰ্চেনিক আৰু ফ্ল’ৰাইড মুক্ত পানী। আৰ্চেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰি যি সময়ত মানৱজাতি বহু ব্যাধিৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছে সেই সময়ত অসম চৰকাৰৰ এই পৰিকল্পনা ও পদক্ষেপ সুবেই প্ৰশংসনীয় হিচাপে বিবেচিত হৈ পৰিছে। উল্লেখযোগ্য যে গেমন ইণ্ডিয়াই এই প্ৰকল্প সম্পাদন কৰিবলৈ যাওঁতে প্ৰাৰম্ভিক অৱস্থাৰ পৰা এতিয়ালৈকে বহু প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে। ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্হা কৰিবলৈ যাওঁতে পাইপ লাইন বহাব লাগিব, ইয়াৰ বাবে ৰাইজৰ কিছু সমস্যাও হব পাৰে। যাৰবাবে গেমন কৰ্তৃপক্ষই এই প্ৰকল্প সম্পাদন কৰিবলৈ ৰাইজৰ সহযোগিতা সদায় কাম্য বুলি উল্লেখ কৰিছে। কিন্তু এই নিৰ্মাণ কাৰ্য সম্পাদন কৰিবলৈ গেমন ইণ্ডিয়াই ৰাইজ তথা সংশ্লিষ্ট বিভাগ সমূহৰ পৰা যি অকুণ্ঠ সমৰ্থন লাভ কৰিব লাগিছিল সেই সমৰ্থন অদ্যপি লাভ কৰা নাই বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতো গেমন ইণ্ডিয়াই ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে আৰু অতিশীঘ্ৰে বাকীখিনি কাম সম্পূৰ্ণ কৰি তুলিবলৈ গেমন কৰ্তৃপক্ষই প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিছে । তাৰোপৰি গেমন ইণ্ডিয়াৰ প্ৰকল্পৰ জৰিয়তে অচিৰেই ৰাইজক ঘৰে ঘৰে আৰ্চেনিক আৰু ফ্ল’ৰাইডমুক্ত পানী লাভ কৰোৱাবৰ বাবে বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকল্পস্হলি পৰিদৰ্শন কৰি নিৰ্মাণ প্ৰতিষ্ঠান সমূহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কামৰ গতি খৰতকীয়া কৰি শীঘ্ৰে ৰাইজক নিৰ্মল জল যোগান ধৰিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close